বাৰানসী সমষ্টিত মনোনয়ন পত্ৰ দাখিল মোডীৰ

 04/26/2019 - 12:16

ডিজিটেল ডেস্কঃ আজি বাৰানসী সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।মনোনয়ন দাখিলৰ এদিন পূৰ্বে তেওঁ বাৰানসীত এক ৰোড শ্ব’ত অংশ লয়।

৬ লক্ষাধিক জন সমৰ্থনেৰে অভিলেখকাৰী ৰোড শ্ব’ত অংশ লয় মোডীয়ে।দশাশ্বমেধ ঘাটত গংগা আৰতিৰ পিছতে বাহিৰ কৰিছিল এই ৰোড শ্ব’।ইফালে শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডীৰ মনোনয়ন দাখিলৰ পূৰ্বে বাৰানসীত এক এনডিএ নেতাৰ বৈঠক অনুষ্ঠিত কৰা হয়।

এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ সভাপতি অমিত শ্বাহৰ লগতে উপস্থিত থাকে মিত্ৰদলৰ নেতাসকল।মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছে বৈঠকত।বৈঠকত ৰাজনৈতিক কুচকাৱাজ সন্দৰ্ভত আলোচনা কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।