মুকালমুৱাত সাংবাদিকক প্ৰাণে মৰাৰ চেষ্টা

 04/26/2019 - 12:32

নলবাৰীঃ ৰাজ্যত নিৰাপত্তাৰ অভাৱ সাংবাদিকসকলৰ। পদে পদে নামি আহে প্ৰাণৰ সংশয়। সময়ে সময়ে এই কথা প্ৰমাণ হৈ আহিছে। পুনৰ এই কথা প্ৰমাণ হ’ল মুকালমুৱাত।

মুকালমুৱাৰ দৈনিক অসমৰ সাংবাদিক ৰাজেন ডেকাক অচিনাক্ত দুৰ্বৃত্তই কৰে বৰ্বৰ আক্ৰমণ। মুকালমুৱা চকৰ পৰা গধূলি বজাৰ কৰি ঘৰলৈ গৈ থকা অৱস্থাত কোনো দুৰ্বৃত্তই ডেকাক পিছ ফালৰ পৰা চোকা অস্ত্ৰৰে মূৰত আঘাত কৰে। সংকট জনক অৱস্থাত ডেকাক জিএমচিএইছলৈ প্ৰেৰণ কৰা হৈছে।ৰাজেন ডেকা সদৌ অসম সাংবাদিক সন্থাৰ সাংগঠনিক সম্পাদক।

এনে জঘন্য কাণ্ডক ৰাইজে একমুখে গৰিহনা দিয়াৰ লগতে মুকালমুৱাৰ সকলো দল-সংগঠনে সাংবাদিক ৰাজেন ডেকাক আক্ৰমণকাৰী দুৰ্বৃত্তক নলবাৰী জিলা প্ৰশাসনে অতিশীঘ্ৰে কৰায়ত্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী তুলিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।