মায়ানগৰীত উজ্বলি উঠিছে অসম সন্তান কিংশুক

 02/25/2019 - 19:33

গুৱাহাটীঃ অসমৰ যুৱক-যুৱতীৰো আছে বিভিন্ন দিশত উজ্বলি উঠিব পৰাকৈ অসাধৰণ প্ৰতিভা৷ কিন্তু অসমৰ যুৱক-যুৱতীয়ে উপযুক্ত মঞ্চ এখন নোপোৱাৰ ফলতেই পিছ পৰি ল’ব লগা হয়৷ তাৰ মাজতে অলেখ প্ৰচেষ্টা আৰু অসাধাৰণ প্ৰতিভাৰ বলত ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলি উঠিছে এগৰাকী অসম সন্তান৷ নিজ সাধনাৰ বলত হিন্দী বোলছবি জগতত উজ্বলি উঠি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে উজনি অসমৰ ডিব্ৰুগড় জিলাৰ কিংশুক মৰাণে৷

মায়ানগৰী মুম্বাইৰ বোলছবি জগতত ইতিমধ্যে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হোৱা কিংশুকে কেইবাখনো বিগ বাজেটৰ বোলছবিত চাউণ্ড ডিজাইনিঙৰ কাম কৰি প্ৰশংসা লাভ কৰিছে। অসম সন্তান কিংশুকে বলিউডৰ জনপ্ৰিয় বোলছবি পদ্মাবত, দংগল, বাজিৰাও মাষ্টানী, উৰি-দি চার্জিকেল ষ্টাইক আৰু মণিকৰ্ণিকা আদি জনপ্ৰিয় ছবিত চাউণ্ড ডিজাইনিংত কাম কৰি প্ৰশংসা লাভ কৰাৰ লগতে ডিব্ৰুগড় জিলা তথা অসমৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হৈছে। ৪০-৫০ খনতকে অধিক ছবিত চাউণ্ড এডিটিং কৰি এটি পৰিচিত নাম হৈ পৰা কিংশুকে পাছলৈ ছাউণ্ড ডিজাইনিঙৰ ক্ষেত্ৰখনত খোজ পেলাই এই সফলতা লাভ কৰে৷

অসমৰ সংস্কৃতিৰ পথাৰখনতো কাম কৰাৰ হেঁপাহ পুহি ৰখা কিংশুকে ‘দূৰ’ নামৰ অসমীয়া ছবিখনতো কাম কৰিছে৷ ডিব্ৰুগড় জিলাৰ নাহৰকটিয়াত জন্মগ্ৰহণ কৰা কিংশুক মৰাণে শিৱসাগৰৰ কেন্দ্ৰীয় বিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি মুম্বাইলৈ ঢাপলি মেলিছিল। কিংশুকে উচ্চ শিক্ষা গ্ৰহণৰ পাছতেই জীৱনৰ অন্যতম মূল্যবান ৮টা বছৰ মুম্বাইত থাকি কঠোৰ পৰিশ্ৰম কৰে৷ যাৰ ফলত বলিউডত নিজ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়। কিংশুকে অনাগত দিনত আগুৱাই যাবৰ বাবে অধিক চেষ্টা অব্যাহত ৰাখি অসমৰ নাম সদায় উজ্বলাই ৰখাৰ চেষ্টা কৰিব বুলি কয়। কিংশুকে যাতে অসমৰ নাম এনেদৰেই উজ্বলাই ৰাখে তাৰে আশা কৰিছে অসমবাসীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।