মৃত গছৰ পৰা ওলাল দুখন হাত! লাগিছে হৈ চৈ

 04/26/2019 - 13:19

হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় ৩ কিঃমিঃ নিলগত বাংৰীৰচৰ গাঁৱৰ ৰফিকুল ইছলাম নামৰ এজন লোকৰ ঘৰৰ এজোপা মৃত গছৰ পৰা দুখন হাত সদৃশ অংগ ওলোৱা বুলি বিভিন্ন লোকৰ মাজত প্ৰচাৰ হোৱাৰ পাছতেই গঞা ৰাইজৰ মাজত হৈ চৈৰ সৃষ্টি হয়।

বহুতে আকৌ কৈছে এয়া বোলে কংগ্ৰেছৰ হাত! উল্লেখ্য যে,ৰফিকুল ইছলামৰ মাতৃয়ে প্ৰায় এবছৰ পূৰ্বে ঘৰৰ পিছফালে থকা এজোপা গছ এটা কাটি পেলাই দিয়ে।

তাৰ পিছত প্ৰায় আঠ মাহ পিছত মহিলা গৰাকীয়ে গছজোপাৰ কটা অংশত দুখন হাত আছে বুলি সপোনত দেখা পায়। মহিলা গৰাকীয়ে সপোনত সেই দৃশ্য দেখাৰ পাছতেই পিছদিনা পুৱা সেই স্থানত গৈ সঁচাকৈয়ে হাত দুখন দেখা পায়।

হাত সদৃশ অংগ দুটা উদ্ধাৰ কৰি মহিলাগৰাকীয়ে সংৰক্ষণ কৰি ৰখাৰ উদ্দেশ্যৰে ঘৰৰ ভিতৰত লুকুৱাই ৰাখে। কিন্তু এই খবৰ এজন এজনকৈ বহুত কেইজন লোকৰে অৱগত হয়। কথাটো বিয়পি পৰাৰ পাছতেই ঘৰখনত ভিৰ হবলৈ ধৰে। উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে যিজোপা গছৰ কুণ্ডাৰ পৰা হাত সদৃশ অংগ উদ্ধাৰ কৰিছিল সেই গছতে পুনৰ থৈ আহে।

ফলত স্থানীয় ৰাইজৰ লগতে জিলাখনৰ প্ৰতিটো প্ৰান্তত গছৰ পৰা কংগ্ৰেছৰ হাত ওলোৱা বুলি বাতৰি বিয়পি পৰাত ঘৰখনত জনসাধাৰণে যথেষ্ট ভিৰ কৰা পৰিলক্ষিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।