শ্ৰীৰামপুৰ বজাৰৰ আৱৰ্জনাৰ দ'মে উশাহ বন্ধ কৰিছে ৰাইজৰ

 04/26/2019 - 14:40

শ্ৰীৰামপুৰঃ স্বচ্ছতা সম্পৰ্কে ভাৰত চৰকাৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবৰ বাবে কোটি কোটি টকা খৰচ কৰি বিজ্ঞাপন, ফলক ইত্যাদি ব্যৱহাৰ কৰি আহিছে যদিও একাংশ জনসাধাৰণৰ সেই কথাৰ প্ৰতি যেন কোনো ভ্ৰুক্ষেপ নাই।

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰ বজাৰত দেখা গ’ল স্বচ্ছতাৰ ফোঁপোলাস্বৰূপ। শ্ৰীৰামপুৰ বজাৰত চৌদিশে আৱৰ্জনাই আৱৰি ধৰিছে।

আনহাতে একাংশ ব্যৱসায়ীয়ে নলা-নৰ্দমা সমূহ আৱৰ্জনা আৰু মাটিৰ পূৰ্ণ কৰি পদপথসমূহ বেদখল কৰাৰ ফলত বাৰিষা এজাক বৰষুণতে বজাৰখন পানীৰে উপচি পৰে। বজাৰৰ চৌদিশে কদৰ্য পৰিৱেশ।

সমাগত বাৰিষাৰ আগতে যদি উচিত পদক্ষেপ লোৱা নাযায় তেন্তে ভয়ানক লেতেৰা পৰিৱেশৰ সৃষ্টি হ'ব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।