ভূৰাগাঁৱত ছাত্ৰী অপহৰণ কৰিবলৈ আহি ৰঙাঘৰৰ আলহী হ’ল তিনি যুৱক

 04/26/2019 - 15:14

লাহৰীঘাটঃ মৰিগাঁও জিলাৰ ভুৰাগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত জৰিবৰ গাঁৱৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীক অপহৰণ কৰিবলৈ আহি হাতে-লোটে ধৰা পৰে তিনি যুৱক।

জানিব পৰা মতে আব্দুল জয়নাল(২২),দিদাৰুল ইছলাম(১৮)আৰু মুকছিদুল ইছলাম(২১) নামৰ ধৃত যুৱক তিনিজনে ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত জৰিবৰ গাঁৱৰ দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকী বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত বাটৰ পৰা অপহৰণ কৰি নিব খুজোতেই ছাত্ৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজে ধৃত তিনি যুৱকক আটক কৰি ভূৰাগাঁও আৰক্ষীক গতাই দিয়ে।

ভূৰাগাঁও আৰক্ষীয়ে ৩৯/২০১৯, ৩৬৩,৫১১,৫৫৪,৩৪ আই পি চি আইনত গোচৰ ৰুজু কৰি অভিযুক্ত তিনি যুৱকক জেল হাজোতলৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।