জুৰীয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড

 04/26/2019 - 15:59

জুৰীয়াঃ জুৰীয়াৰ পূৱ ছটিয়ানত যোৱা নিশা সংঘটিত হোৱা এক লোমহৰ্ষক হত্যাকাণ্ড‌ই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।পূৱ ছটিয়ান গাঁৱৰ নিকটৱৰ্তী কেন্দুগুৰীৰ নুৰ হুছেইন নামৰ এজন যুৱকক দুৰ্বৃত্ত‌ই হানিখুঁচি হত্যা কৰি পেলাই থৈ যায়।

আজি পুৱা স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও ঘটনা সংক্ৰান্তত কোনো দুৰ্বৃত্তক আটক কৰিব পৰা নাই। উল্লেখ্য যে ছটিয়ান আৰু কেন্দুগুৰী অঞ্চলত দীৰ্ঘদিন ধৰি দুটা ডকাইতৰ দলৰ মাজত সংঘাত চলি আহিছে।

ইতিপূৰ্বে দুই দলৰ মাজত হোৱা সংঘৰ্ষত দুয়োটা দলৰ কুৰিজনতকৈ অধিক ডকাইত নিহত হৈছে। আজি সংঘটিত হত্যাকাণ্ডটো পূৰ্বৰে পৰা সংঘটিত সংঘাতৰ পৰিণতি বুলিও ধাৰনা কৰিব পাৰি। নিশা দুৰ্বৃত্ত‌ই হত্যা কৰি পেলায় থৈ যোৱা নুৰ হুছেইনৰ পিতৃকো পূৰ্বে ডকাইতৰ দলে হত্যা কৰিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।