পহিলা মে'ৰ পৰা কাজিৰঙাত পৰ্যটকৰ বাবে বন্ধ হ'ব হাতী ছাফাৰী

 04/26/2019 - 16:13

বোকাখাতঃ কাজিৰঙা উদ্যান কতৃপক্ষই আজি জাৰি কৰা এক জাননী যোগে অহা এক মে'ৰ পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰী বন্ধ থাকিব বুলি জানিবলৈ দিয়ে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ' তথা পূব অসম বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়াই বৃহস্পতিবাৰে জাৰি কৰা এক জাননী যোগে এই কথা জানিবলৈ দিয়ে৷

প্ৰতিকুল বতৰৰ বাবে হাতীয়ে পৰ্যটকক দৰ্শন কৰোৱা পথসমূহ বোকাময় হোৱাৰ লগতে যাতায়তৰ অনুপযোগী হৈ পৰাৰ লগতে হাতী ছাফাৰী লোকচানত চলাব লগা হোৱাৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে উদ্যানখনৰ ডি এফ অ'গৰাকীয়ে ৷ বাগৰীত ব্যক্তিগত আৰু কহঁৰাত বন বিভাগৰ হাতীয়ে পৰ্য্যটকক দৰ্শন কৰাইছিল কাজিৰঙাৰ উদ্যান কতৃপক্ষই৷

হাতী ছাফাৰী বন্ধ হ'লেও যিমান দিনলৈকে সম্ভৱ হয় জীপ ছাফাৰী নিয়মিয়াকৈ চলি থাকিব বুলি জনিবলৈ দিয়ে কাজিৰঙাৰ বন প্ৰাধিকাৰী বিষয়াগৰাকীয়ে৷ আনহাতে সমাগত বানপানীৰ বাবে কাজিৰঙাৰ উদ্যান কতৃপক্ষ সম্পূৰ্ণ সাজু থকা বুলিও তেওঁ লগতে জানিবলৈ দিয়ে৷

বানপানীৰে মোকাবিলা কৰিবলৈ উদ্যান কৰ্তৃপক্ষই বান অধ্যুষিত শিবিৰসমূহত হাত নাও, মেচিন নাও, ফেৰী আৰু স্প্ৰীট ব'থ সাজু কৰি ৰখা বুলি জানিবলৈ দিয়ে৷ সমান্তৰালকৈ বন কৰ্মীসকলক বানপানীৰ সময়ত পহৰাৰ বাবে ৰেইন কোট আৰু টৰ্চৰ যোগান ধৰা বুলিও জানিবলৈ দিয়ে বন সংমণ্ডল প্ৰাধিকাৰীগৰাকীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।