চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ২১০ গৰাকী প্ৰাৰ্থী অপৰাধী !

 04/26/2019 - 16:15

ডিজিটেল ডেস্কঃ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত  প্ৰতিদ্বন্দিতা কৰা ২১০ গৰাকী প্ৰাৰ্থী বিভিন্ন অপৰাধত অভিযুক্ত । ৭টা পৰ্যায়ত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ৯২৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২১০গৰাকী প্ৰাৰ্থী বিভিন্ন ঘটনাৰ সৈতে জড়িত। 

এই কথা পোহৰলৈ আহিছে নেচনেল ইলেকচন ৱাটছ আৰু এবিআৰে প্ৰকাশ কৰা প্ৰতিবেদনত। ৯২৮ গৰাকী ভিতৰতে ২১০ গৰাকীৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধৰ গোচৰ। ১৫৮গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে থকা অভিযোগ অতি গুৰুতৰ।

ইয়াৰে ১২জনক ইতিমধ্যে আদালতে দোষী সাব্যস্ত কৰিছে। ৫ গৰাকী হত্যাকাণ্ড, ২৪ গৰাকী হত্যাৰ প্ৰচেষ্টা, ৪ গৰাকী অপহৰণ কাণ্ড, ২১গৰাকী নাৰীজনিত অপৰাধ, ১৬গৰাকী প্ৰাৰ্থী সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত অভিযুক্ত বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।