নামনি অসমত সোপাধৰাৰ আতংক

 04/26/2019 - 16:52

চাপৰঃ পুনৰ ডকমকা কাণ্ডৰ দৰে ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰিল পশ্চিম অসমৰ ধুবুৰী। কেইবাগৰাকী অচিনাকি মহিলাক সোপাধৰাৰ সন্দেহত ৰাইজে অমানৱীয় নিৰ্যাতন চলায়। বিজ্ঞান প্ৰযুক্তিৰ যুগতো দেশৰ বহু ঠাই এতিয়াও জৰ্জৰিত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কৰাল গ্ৰাসত।

যোৱা কিছু দিন ধৰি নামনি অসমৰ বিশেষ কৈ ধুবুৰীৰ বিভিন্ন প্ৰান্তত সোপাধৰাৰ সন্দেহত একাংশ লোকে অচিনাক্ত আৰু সন্দেজনক লোকক আটক কৰি মাৰপিট, অমানৱিক নিৰ্যাতন তথা মৰেল পুলিচৰ তাণ্ডৱ চলোৱাৰ অভিযোগ উঠিছে। বিশেষকৈ বুধবাৰে সোপাধৰাৰ আতংকই ধুবুৰীত এক ভয়ংকৰ ৰূপ ধাৰণ কৰে।

উল্লেখ্য যে নিৰ্যাতনৰ চিকাৰ হোৱা একাংশ মানসিক ভাৰসাম্য নথকা ব্যক্তি আছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে ধুবুৰী আৰক্ষীয়ে সোপাধৰাৰ নামত নিৰ্যাতন চলোৱা ৯ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে। এই ক্ষেত্ৰত জনসাধাৰণক সচেতন হ'বলৈ বিভিন্ন সংগঠনৰ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।