ৰঙিয়াৰ ভাতকুছিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে দুৰ্গন্ধময় পৰিৱেশ

 04/26/2019 - 17:18

ৰঙিয়াঃ ৰঙিয়াৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত এক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে। কামৰূপ আৰু নলবাৰী সীমান্তৱৰ্তী অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰঙিয়া পৌৰসভাই নগৰখনৰ সকলো জাবৰ পেলাই অহাত উৎকট দুৰ্গন্ধৰ বাবে সমস্যাত পৰিছে উজনি-নামনিলৈ অহা-যোৱা কৰা যাত্ৰীসকল।

অঞ্চলটোৰ বিষয়ে ৰঙিয়া পৌৰসভাক অৱগত কৰাৰ পিছতো পদক্ষেপ গ্ৰহণ কৰাৰ পৰিৱৰ্তে ঠাইডোখৰত পৌৰসভা কৰ্তৃপক্ষই বৰ্তমানেও জাৱৰ-জোঁথৰ পেলাই আহিছে। এই ক্ষেত্ৰত অঞ্চলটোৰ সচেতন ৰাইজে কামৰূপ উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।