সামাজিকভাৱে এঘৰীয়া কৰা হ'ল ডবকাৰ দলৱদ্ধ ধৰ্ষণৰ অভিযুক্তকঃ ৰাইজ মেলত সিদ্ধান্ত

 04/26/2019 - 17:35

ডবকাঃ ডবকাৰ শালবাগানত সংঘটিত দলৱদ্ধ ধৰ্ষণ কাণ্ডৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত তিনি নৰপিশাচক আজি দীঘল জাৰুণী গাঁৱৰ ৰাইজে সামাজিকভাৱে বৰ্জন কৰাৰ লগতে তেওঁলোকৰ সৈতে সকলো ধৰণৰ সামাজিক সম্পৰ্ক বৰ্জন কৰিবলৈ সকলোকে আহ্বান জনায়৷

আজি শুকুৰবৰীয়া জুম্মাৰ নামাজৰ অন্তত দীঘল জাৰুণী গাঁৱৰ ৰাইজ মছজিদত সমবেত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে৷ লগতে গাঁৱৰ ৰাইজে এই দলৱদ্ধ ধৰ্ষণত জড়িত অন্য দুই অভিযুক্তক কৰায়ত্ব কৰি আইনৰ হাতত তুলি দিব বুলিও স্থানীয় ৰাইজে সাংবাদিকৰ আগত প্ৰকাশ কৰে৷

ইপিনে আজি দলৱদ্ধ ধৰ্ষণত অভিযুক্ত তিনিওটা নৰপিশাচক লৈ দণ্ডাধীশৰ উপস্থিতিত সাক্ষ্য গ্ৰহণ কৰা হয়৷ স্থানীয় দণ্ডাধীশ তথা ডবকা ৰাজহ চক্ৰ বিষয়া অনুসূয়া শৰ্মাৰ নেতৃত্বত অভিযুক্ত তিনিওটা নৰপিশাচক লৈ ডবকা আৰক্ষীয়ে ডবকা বনাঞ্চলৰ ধৰ্ষণ কাণ্ড সংঘটিত কৰা সেই ঠাই ডোখৰত উপস্থিত হৈ অভিযুক্তৰ সাক্ষ্য গ্ৰহণ কৰে৷ বৰ্তমান আটাইকেইটা অভিযুক্ত আৰক্ষীৰ জিম্মাত আছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।