আৱৰ্জনাৰে ভৰি পৰিছে শিৱসাগৰৰ ঐতিহ্যক্ষেত্ৰসমূহ

 04/26/2019 - 18:58

শিৱসাগৰ: শিৱসাগৰৰ প্ৰতি টুকুৰা মাটিত পোৱা যায় ঐতিহ্যৰ ঘ্ৰাণ| সেইবাবেই বছৰটোৰ বেছিভাগ সময়ত শিৱসাগৰত ভিৰ কৰেহি দেশী-বিদেশী পৰ্যটকসকলে। কিন্তু সম্প্ৰতি এই পৰ্যটন স্থলীসমূহ চূড়ান্ত ৰূপত অপৰিস্কাৰ হৈ পৰিছে।

 যোৱা এটা পষেকৰো অধিক দিন কামৰ পৰা আঁতৰাই ৰখা হৈছে তলাতল ঘৰ, জয়দৌল আদিত কৰ্মৰত উদ্যান কৰ্মচাৰীক। ঠিকাদাৰৰ তলত কাম কৰি অহা কৰ্মচাৰীসকলক ওপৰৰ নিৰ্দেশত আঁতৰাই দিছে কামৰ পৰা।

 ফলস্বৰূপে অপৰিস্কাৰ হৈ পৰিছে ঐতিহ্যক্ষেত্ৰসমূহ। য'তে ত'তে দৰ্শনাৰ্থীয়ে পেলাইছে আৱৰ্জনা| এনে পৰিবেশত এতিয়া অসন্তুষ্ট দৰ্শনাৰ্থীসকল। 

তদুপৰি সামান্য পইচাৰে কাম কৰি পৰিয়াল পোহপাল দি অহা কৰ্মচাৰীসকলৰ এতিয়া না জল-না স্থল অৱস্থা। প্ৰশাসন-চৰকাৰ তথা পুৰাতত্ব বিভাগে এই বিষয়সমূহৰ সন্দৰ্ভত কিবা গুৰুত্ব দিবনে বুলি সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।