শিৱসাগৰত ঢোলৰ চাপৰত এপাক নাচিলে জিলা প্ৰশাসনৰ বিষয়-ববীয়াৰ লগতে আৰক্ষীৰ লোকে

 04/26/2019 - 20:11

শিৱসাগৰঃ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ সাজু হৈ থকা অসমবাসীৰ মাজত এইবাৰ লোকসভা নির্বাচনে কিছু পৰিমাণে সলনি কৰি তুলিলে বিহুৰ আয়োজন। নিজ নিজ কৰ্তব্যৰ তাগিদাত বহু চৰকাৰী বিষয়াই এইবাৰ নাপালে পৰিয়ালৰ সৈতে চেনেহৰ বিহুটি উদযাপন কৰিবলৈ। অসম আৰক্ষীৰ লোকসকলো ব্যস্ত হৈ থাকিব লগা হ'ল নির্বাচনৰ দায়িত্বত।

সেয়েহে আজি শিৱসাগৰত জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ প্ৰচেষ্টাত জিলা আৰক্ষীৰ সকলো বিষয়া, প্ৰশাসনিক উচ্চপদস্থ বিষয়া, বিশিষ্ট ব্যক্তি, সাংবাদিকসকলে উপভোগ কৰিলে এযোৰা হুঁচৰি। ঢোলৰ চাপৰত কঁকাল ভাঙি নাচিলে চক্ৰ বিষয়া সম্প্ৰীতি গোস্বামী, উপ আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ লগতে আন আন মহিলা প্ৰশাসনিক বিষয়া, সাংবাদিক ববিতা ভৰালীয়ে। উপায়ুক্ত ডা৹ এছ লক্ষ্মণমে কয় যে শিৱসাগৰত আজিও বিহুৰ যি সক্ৰিয়তা সেয়া অটুত ৰাখিবলৈ জিলাবাসী সদায় সাজু।

ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা বর্ডিং খেলপথাৰলৈকে বিহুক জীয়াই ৰখাৰ প্ৰয়াস কৰা হৈছে। শিৱসাগৰৰ বিহুৰ এক নিজা বৈশিষ্ট্য আছে আৰু এইয়া দেখি তেওঁ অভিভূত হৈ উঠিছে। লগতে তেওঁ সাংবাদিকসকলক প্ৰশংসা কৰি কয় যে নির্বাচনৰ সময়ত শিৱসাগৰ জিলা সংবাদ মাধ্যমে প্রশাসনক যথেষ্ট পৰিমাণে সহায় আগবঢ়ায়।

আৰক্ষী অধীক্ষক অমিতাভ সিনহাই কয় যে তেওঁৰ চৰকাৰী বাসগৃহৰ চোতালত হুঁচৰি আৰু অতিথিৰ আগমনে নথৈ আনন্দিত কৰাৰ লগতে যিসকল আৰক্ষীৰ লোকে লোকসভা নিৰ্বাচনৰ বাবে ব্যস্ত থাকি বছেৰেকৰ হেঁপাহৰ বিহুটো পৰিয়ালৰ লগত উপভোগ কৰিবলৈ নাপালে তেওঁলোকে যাতে বিহু উপভোগ কৰাৰ লগতে ব্যস্ত জীৱনৰ পৰা আঁতৰি অলপ আনন্দ উপভোগ কৰিব পাৰে সেয়ে সকলোকে আজি একত্ৰিত কৰা হৈছে।

উল্লেখ্য যে ABPN চাউনি লিগিৰী পুখুৰীৰ পৰা নিমন্ত্ৰণ কৰি অনা হুঁচৰি দলটোৰ পেঁপা বাদকজনে তেওঁৰ নিপুন আৰু দুৰ্দান্ত পেঁপা বাদনেৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।