আলিটাঙনীৰ শিক্ষাবিদ আব্দুছ ছালাম ফৰাজীৰ মৃত্যু

 04/26/2019 - 20:51

টুকটুকী: নগাঁও জিলাৰ আলিটাঙনী গাঁৱৰ নিবাসী বিশিষ্ট শিক্ষাবিদ, সমাজ সংগঠক, প্ৰাক্তন আমছু কৰ্মী তথা ২৬৫ নং আলিটাঙনী মোক্তাৱ বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুছ ছালাম ফৰাজী হৃদ ৰোগত আক্ৰান্ত হৈ আজি পুৱা ৬ বজাত দিছপুৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৭ বছৰ। সৰবৰহী, মৃদুভাষী তথা মেধা ব্যক্তিত্বৰ অধিকাৰী আব্দুছ ছালাম ফৰাজী জীৱিত কালত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকাৰ উপৰি ৰাইজৰ সেৱা আগবঢ়াই আহিছিল। আলিটাঙনী গাঁৱত জন্ম গ্ৰহণ কৰি শিক্ষাবিদ আব্দুছ ছালাম ফৰাজীয়ে বিভিন্ন সময়ত অঞ্চলটোৰ দুখীয়া মানুহৰ হৈ মাত মাতি আহিছিল।

আজি বিয়লি ৫ বজাত আলিটাঙনী আঞ্চলিক কবৰস্থানত সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ জানাজা নামাজ সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত ২৬৫ নং আলিটাঙনী মোক্তাৱ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক গোট, সংখ্যালঘু গণতান্ত্ৰিক যুৱ ফেডাৰেচন অসমৰ সভাপতি মোস্তাফা ছালিম আহমেদ, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ কেন্দ্ৰীয় সধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিৰ, আমছুৰ নগাঁও জিলা সমিতি, আলিটাঙনী আঞ্চলিক সমিতিৰ বিষয়-ববীয়া, টুকটুকী প্ৰেছ ক্লাৱকে ধৰি বিভিন্ন জনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

তেওঁৰ মৃত্যুত বৃহত্তৰ আলিটাঙনী অঞ্চলত শোকৰ ছাঁ পৰে। প্ৰয়াত ফৰাজীয়ে মৃত্যুৰ সময়ত পত্নী, পুত্ৰৰ লগতে বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।