ওৰাঙৰ কামাখ্যা দেৱালয়ত কামাখ্যা পূজাৰ আয়োজন

 04/27/2019 - 12:12

ওৰাং: গুৱাহাটীৰ নিলাচলৰ শক্তিপীঠ কামাখ্যা মন্দিৰ নহয়। গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ দৰেই এখন কামাখ্যা দেৱালয়। এই কামাখ্যা দেৱালয় খন আছে ওৰাঙৰ চুতীয়াপাৰাত। কেইবা শ বছৰ ধৰি এই কামাখ্যা দেৱালয়ত চলি আহিছে কামাখ্যা পূজা। ১১ আৰু ১২ ব'হাগত বিগত বৰ্ষৰ দৰেই এইবাৰো অনুষ্ঠিত হৈছে কামাখ্যা দেৱালয়খনত কামাখ্যা পূজা।

দশক দশক ধৰি পৰম্পৰাগত ভাৱে ব'হাগ মাহৰ ১১ আৰু ১২ তাৰিখে অনুষ্ঠিত হৈ আহিছে এই দেৱালয়খনত কামাখ্যা পূজা। ওৰাং চহৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ দক্ষিণে আছে এই শক্তিপীঠ কামাখ্যা দেৱালয়খন। প্ৰতিবছৰে এই কামাখ্যা দেৱালয়ৰ কামাখ্যা পূজাত বলি- বিধান দিয়াৰ পৰম্পৰা আছে। এনেদৰেই প্ৰতিবছৰে পঠা ছাগলী আৰু পাৰ চৰাই বলি দিয়ে পূজাত। প্ৰায় সাতখন গাঁৱৰ মানুহে বছৰটো কুশলে পাৰ কৰিব আৰু মনোকামণা পূৰ্ণ হ'বৰ বাবে এই বলি উচৰ্গা কৰে।

লোকবিশ্বাস মতে এই কামাখ্যা দেৱালয়ত পঠা ছাগলী আৰু পাৰ চৰাই কামাখ্যা দেৱীক অৰ্পণ কৰিলে বছৰটোৰ বাবে মংগল ময় হয়, ধনে-ধানে চহকী হয় আৰু মনোকামনা সিদ্ধি হয়। সেই উদ্দেশ্যেই এই কামাখ্যা দেৱালয়ত বলি বিধান চলে। ৰাইজেও কামাখ্যা দেৱীক বলি বিধান উচৰ্গা কৰে।

উল্লেখ্য যে ১৫৭১ চনতে গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ পৰা মাটি আনি এইখন শক্তিপীঠ কামাখ্যা দেৱালয় নিৰ্মাণ কৰিছিল দৰঙৰ কোচ ৰাজ্যৰ ৰজাই। আৰু কামাখ্যা দেৱালয় নিৰ্মাণৰ সেই দিনৰ পৰাই বৰ্তমানলৈকে অব্যাহত আছে বলি বিধানৰ পৰম্পৰা। লগতে আছে দৰঙীয়া সংস্কৃতি ওজা পালি, ওজা পালিৰ সমান্তৰালকৈ আকৌ দেওধনী উঠে পূজাৰ সময়ত। এই কামাখ্যা দেৱালয়খনৰ লগতে আছে এটা ১৬ বিঘা মাটিৰ পুখুৰী। এই পুখুৰীটো হেনো কোঁচ ৰজাই খন্দাইছিল দেৱালয়খনৰ কাষতে।

ওৰাং অঞ্চলৰ সাত -আঠ খন গাঁৱৰ লোকে সমন্বয়ৰে প্ৰতি বছৰে অনুষ্ঠিত কৰে এই কামাখ্যা দেৱালয়খনত কামাখ্যা পূজা। আজিৰ তাৰিখত যদিও বলি বিধানৰ পৰম্পৰাক লৈ বহু লোকে সমালোচনা কৰে তেনে সময়তে কিন্তু ওৰাঙৰ চুতীয়াপাৰা গাঁৱৰ কামাখ্যা দেৱালয়ত চলি আহিছে প্ৰতি বছৰে ছাগলী আৰু পাৰ চৰাই বলি দিয়াৰ পৰম্পৰা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।