ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিলৈ ১১ লাখ টকাৰ আৰ্থিক সাহায্য বিশিষ্ট সমাজকৰ্মীৰ

 04/05/2020 - 13:07
ডিজিটেল ডেস্ক: বিশ্বৰ লগতে ভাৰত তথা অসমত ক'ৰণা ভাইৰাচে জটিল ৰূপ ধাৰণ কৰিছ। ৰাজ্যৰ এই সংকটৰ সময়ত ক'ৰণা ভাইৰাচৰ বিৰুদ্ধে যুঁজিবলৈ নলবাৰী জিলাৰ অন্তৰ্গত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত লছিমা গাঁৱৰ সু-সন্তান বৰ্তমান গুৱাহাটীৰ বাসিন্দা বিশিষ্ট সমাজ সেৱক, প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ তাৰিক হুছেইনে ৰাজ্য চৰকাৰৰ বিত্ত, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিলৈ ১১ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়।
 
ৰাজ্যৰ এই জটিল সন্ধিক্ষণত সামাজিক দায়বদ্ধতাৰ যি উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে তাৰ বাবে তাৰিক হুছেইনক অসমবাসীয়ে একে মুখে শৰাগ লৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।