চৰকাৰলৈ উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ ২৫,০০০ টকাৰ বৰঙণি

 04/05/2020 - 13:23

উত্তৰ গুৱাহাটী: বৰ্তমান বিশ্বত ক'ৰণাৰ সন্ত্ৰাসৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু ঘটিছে আৰু সমগ্ৰ বিশ্বকে এই ক'ৰণাৰ নামৰ মহামাৰীয়ে সংক্ৰমিত হৈ তচনচ কৰি পেলাইছে।

শেহতীয়াকৈ অসমতো ক'ৰণা ভাইৰাছৰ সংক্ৰমণো বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। এই মহা বিপৰ্যয়ৰ সময়ত দেশবাসীয়ে চৰকাৰক সহায় সহযোগিতা আগবঢ়োৱা নিতান্তই প্ৰয়োজনীয়। এই মহামাৰীৰপৰা ৰাজ্যবাসীক পৰিত্ৰাণ কৰাৰ বাবে অসম চৰকাৰে অহৰ্নিশে কাম কৰি আছে।

সদৌ উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ (মধ্যমখণ্ড) তৰফৰ পৰাও অসমত দেখা দিয়া ক'ৰণা  মহামাৰীক প্ৰতিৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰাৰ লক্ষ্য ৰাখি অসম চৰকাৰৰ অসম আৰোগ্য নিধিলৈ নগদ 2৫,000 টকা UBI বেংকৰ জৰিয়তে আগবঢ়োৱা হৈছে।

উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ এই মহান কাৰ্যক উত্তৰ গুৱাহাটী অঞ্চলবাসীয়ে আদৰণি জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।