স্বৰ্ণজয়ী দৌৰৰাণী গোমতী মাৰীমুথুক উষ্ম আদৰণি

 04/27/2019 - 12:55

ডিজিটেল ডেস্কঃ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বীপ ২০১৯ত ৮০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰি তামিলনাডুৰ তিৰুচিৰাপল্লীৰ গোমতী মাৰীমুথুৱে দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে।

ভাৰতীয় দৌৰ ৰাণীগৰাকী শনিবাৰে পুৱা উপস্থিত হয় চেন্নাইৰ এখন বিদ্যালয়ত। মাৰীমুথুক উষ্ম আদৰণি জনায় বিদ্যালয় কৰ্তৃপক্ষই।

২৪ এপ্ৰিলত কটৰৰ দোহাত চেম্পিয়নশ্বীপৰ ২৩ সংখ্যক সংস্কৰণ সম্পন্ন হয়। এই চেম্পিয়নশ্বীপত ভাৰতীয় খেলুৱৈয়ে মুঠ ১৭টা পদক লাভ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।