পেঙেৰীত চুলাই ভাটী উৎখাত

 04/06/2020 - 14:04

ডুমডুমা: পেঙেৰী সমীপৰ ২নং ডিব্ৰুজান আদৰ্শ গুৰুং বস্তিত দেওবাৰে অবৈধভাৱে দেশীয় সুৰা প্ৰ্স্তুত কৰা বহুকেইটা চুলাই ভাটী উৎখাত কৰে পেঙেৰী আৰক্ষীয়ে

অবৈধ ভাৱে প্ৰতি দিনাই শ শ অবৈধ চুলাই মদ প্ৰস্তুত কৰি স্থানীয় চাহ বাগিচাৰ লগতে পেঙেৰীৰ বিভিন্ন অঞ্চলত ৰমৰমীয়া ব্যৱহায় চলাই আহিছিল

আৰক্ষীয়ে অখলে গুৰুং ,লম্বু গুৰুং, চাদগায়া নাথ, বম গুৰুং আৰু খৰ্ক বাহাদুৰ গুৰুঙৰ ঘৰত অভিযান চলাই প্ৰায় চাৰি হাজাৰোধিক চুলাই মদ নষ্ট কৰি পেলোৱাৰ  চুলাই  প্ৰস্তুতকৰণত ব্যৱহৃত সা-সৰঞ্জাম নষ্ট কৰে

উক্ত অভিযানত আৰক্ষীৰ  দলটোক সহযোগিতা কৰে স্থানীয় আটছা বিষয়ববীয়াৰ লগতে ২ নং ডিব্ৰুজান মহিলা গাঁওৰক্ষী বাহিনী আৰু পেঙেৰী গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়াই

পেঙেৰী আৰক্ষীয়ে চলোৱা আজিৰ চুলাই মদৰ ভাটী উচ্ছেদ অভিযানক স্থানীয় বিভিন্ন দল সংগঠনে সন্তুষ্টি প্ৰকাশ কৰিছে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.