লাহৰীঘাটত খহনীয়াৰ কালৰূপ: খহনীয়াত জাহ গৈছে মাটি-ভেটি

 04/27/2019 - 13:53

লাহৰীঘাট: মৰিগাঁও জিলাৰ লাহৰীঘাটত এতিয়া বৰলুইতৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে। নিতৌ এতিয়া খহিবলৈ লৈছে বৰলুইতৰ পাৰ। খহনীয়াত জাহ গৈছে বহু লোকৰ মাটি -ভেটিৰ লগতে কৃষি ভূমি। নিজৰ মাটি ভেটি হেৰুৱাই খহনীয়াগ্ৰস্ত লোকসকলে ঘৰৰ আচবাবসমূহ টালি টোপোলা বান্ধি অন্য স্থানলৈ ঢাপলি মেলিছে।

কিন্তু ইমানৰ পিছতো এতিয়ালৈকে খবৰ ল'বলৈ আহৰি পোৱা নাই মৰিগাঁও জিলাৰ জিলা প্ৰশাসনে। বিগত বৰ্ষত লাহৰীঘাটত নিৰ্মাণ কৰা হৈছিল এটা মথাউৰি। কিন্তু এই খহনীয়াৰ ফলতে এতিয়া জাহ যোৱাৰ উপক্ৰম হৈছে মথাউৰিটো। যদিহে মথাউৰিটো জাহ যায় বাৰিষাৰ লগে লগে লাহৰীঘাটৰ লগতে সমগ্ৰ মৰিগাঁও জিলাখনেই প্লাবিত হৈ পৰিব ব্ৰহ্মপুত্ৰৰ বানত।

উল্লেখ্য যে বৰলুইতৰ খহনীয়াত এতিয়ালৈকে জাহ গৈছে প্ৰায় ৩৮ খনতকৈ অধিক ৰাজহ গাঁও। কিন্তু ইমানৰ পাছতো আজিলৈকে এই খহনীয়া ৰোধিবলৈ সক্ষম নহ'ল চৰকাৰ তথা জলসম্পদ বিভাগে।

যদিহে সময় থাকোতে চৰকাৰে লাহৰীঘাটৰ এই খহনীয়াৰ প্ৰতিৰোধৰ স্থায়ী ব্যৱস্হা নকৰে তেন্তে নিশ্চিত যে এদিন লাহৰীঘাটখন নাইকিয়া হৈ পৰিব মৰিগাঁও জিলাৰ মানচিত্ৰৰ পৰা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।