ক'ৰণা মানুহৰ বাবে অভিশাপ, আশীৰ্বাদ হ'ল প্ৰকৃতিৰ বাবে

 04/06/2020 - 18:19

উৎপল কুমাৰ কলিতা: মানুহৰ বাবে অভিশাপ হৈ পৰা ক'ৰণা মহামাৰী আশীৰ্বাদ হৈ পৰিল প্ৰকৃতিৰ বাবে। মানুহৰ চৰম অত্যাচাৰত জৰ্জৰিত প্ৰকৃতিয়ে মানুহ আৱদ্ধ হৈ পৰাৰ সময়তে লৈছে ন ৰূপ। বিশেষকৈ ভাৰতৰ প্ৰান্তে প্ৰান্তে প্ৰকৃতিৰ ন ন ৰূপ প্ৰকট হৈছে সুদীৰ্ঘ দিনৰ মুৰত।

আতৰি গ'ল ১৩ দিনৰ লক ডাউনৰ সময়ত ভয়াবহ প্ৰদূষণ। দেশৰ সৰ্বাধিক প্ৰদূষিত ৰাজধানী চহৰ নতুন দিল্লীত ৭০শতাংশলৈ হ্ৰাস প্ৰদূষণ। নীলা আকাশ দেখা অকল্পনীয় দিল্লীৰ আকাশ এতিয়া নীলা। যি গঙ্গা নদী পৰিষ্কাৰ কৰাৰ বাবে বিভিন্ন চৰকাৰী আঁচনি ব্যৰ্থ হৈ পৰিছিল সেই গঙ্গা নদীৰ পানী নিৰ্মল হৈ পৰিছে।

পৰিষ্কাৰ হৈ পৰিছে যমুনাকে ধৰি দেশৰ সকলো নদী। ২৫০কিমি দূৰৰ পৰা দেখা পোৱা গৈছে হিমালয়ৰ শিৰৰ অলংকাৰ শুভ্ৰতাবোৰ। শব্দ প্ৰদূষণ কমিছে ৬৮ শতাংশ। দেশৰ ধোঁৱা, কোলাহলে আবৰি ৰখা ডাঙৰ চহৰবোৰৰ প্ৰকৃত সৌন্দৰ্য্য এতিয়া হৈ পৰিছে প্ৰকট। বন্য প্ৰাণী, চৰাই চিৰিকতি সকলোৱে পাইছে নতুন সঞ্জীৱনী।

ব্যস্ত স্থানবোৰ এতিয়া নিৰব নিস্তব্ধ। ৪০শতাংশ প্ৰদূষণৰ বাবে দায়ী যান-বাহনৰ চলাচল বন্ধ, বন্ধ কল-কাৰখানা। প্ৰকৃতিৰ ওপৰত নিজৰ স্বাৰ্থত অকল্পনীয় অত্যাচাৰ চলোৱা মানুহ হৈ পৰিছে ক'ৰণা পৰা নিজক বচাবলৈ আৱদ্ধ। প্ৰকৃতি এতিয়া সজীৱ। নিৰ্মল বেশ লৈছে প্ৰকৃতিয়ে। নতুন সাজ সলালে প্ৰকৃতিয়ে মানুহ আৱদ্ধ হৈ পৰাৰ সময়ত। প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপে যেন মানুহক উপলব্ধি কৰিবলৈ দিছে কিমান অত্যাচাৰ কৰিলে মানুহে প্ৰকৃতিৰ ওপৰত।

এয়া যেন মানুহৰ নিজৰ ভুলৰ শিক্ষা লোৱাৰ সময় । পণ লোৱাৰ সময় প্ৰকৃতিৰ এই বাস্তবৰ মোহনীয় ৰূপ জীয়াই ৰখাৰ। প্ৰকৃতি থাকিলেহে মানুহ থাকিব। সময়ৰ সোঁতত বন্দী হোৱা মানুহৰ বাবে আজি প্ৰকৃতিয়ে ঘুৰাই পাইছে ন ৰূপ।

আকৌ এবাৰ প্ৰমাণ হ'ল মানুহৰ প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ হিচাপ। মুঠতে মানুহ বন্দী, সজীৱ প্ৰকৃতি। প্ৰকৃতি ৰাণীয়ে ন-সাজ পিন্ধি পৰিষ্কাৰ হ'ল। এয়া নিশ্চয় এক আশাৰ বতৰা। এয়া মানুহক দিয়া শিক্ষা। ক'ৰণা যেন মানুহৰ বাবে অভিশাপ প্ৰকৃতিৰ বাবে আশীৰ্বাদ।​

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।