পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটি তচনচ ভাৰতীয় বায়ু সেনাৰ

 02/26/2019 - 15:10

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ পুলৱামাত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে যোৱা ১৪ ফেব্ৰুৱাৰীত বৰ্বৰ আত্মঘাতী বোমা বিস্ফোৰণেৰে ৪৪ জনকৈ চি আৰ পি এফ জোৱানক নিহত কৰা ঘটনা আজীৱন পাহৰিব নোৱাৰে ভাৰতীয় লোকে। ভাৰতীয়ৰ মনত এডোখৰ কেঁচা ঘাঁ হৈ ৰৈ গৈছে এই দুৰ্ভাগ্যজনক ঘটনা। সেই নৃশংস আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিবলৈ ল’বলৈ সাজু আছিল ভাৰতীয় সেনা। পুলৱামা আক্ৰমণৰ ১১ দিন পিছত অৱশেষত বীৰ জোৱানৰ হত্যাৰ প্ৰতিশোধ বিচাৰি পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণ চলাবলৈ সক্ষম হ’ল ভাৰতীয় সেনাই।

মঙলবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত ভাৰতীয় সেনাই পাক অধিকৃত কাশ্মীৰৰ মুজফ্ফৰাবাদ, বালাকোট আৰু চোকেটীৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলায়। পুৱতি নিশা বায়ু সেনাই ১২ খন মিৰাজ-২০০০ যুদ্ধ বিমানেৰে আদমপুৰ এয়াৰবেজৰ পৰা পৰা যাত্ৰা কৰি সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাই সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰে। মুঠ ১০০০ কেজি ওজনৰ বোমা নিক্ষেপ কৰি সেনাই এল অ’ চি অতিক্ৰম কৰি জইছ-ই-মহম্মদৰ নিয়ন্ত্ৰণ কক্ষ ‘আলফা-৩’ আৰু লাঞ্চ পেড ধ্বংস কৰি পুলাৱামা আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়ে। পিছে কোনো সাধাৰণ মানুহক লক্ষ্য কৰা হোৱা নাছিল এই আক্ৰমণত।

এই অভিযানত সন্ত্ৰাসবাদীৰ লগতে ২ শতাধিক লোক হতাহত হোৱাৰ আশংকা কৰা হৈছে। ভাৰতীয় সেনাৰ অভিযানৰ পাছতে ত্ৰাহি মধুসূদন দেখিছে পাকিস্তানে। ’ভাৰতীয় বায়ু সেনাৰ আক্ৰমণৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পাকিস্তানত। সু-পৰিকল্পিতভাৱে চলোৱা ভাৰতীয় সেনাৰ এই বৃহৎ অভিযানৰ পিছত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে দ্বিতীয়বাৰ ভাৰতীয় জোৱানৰ ওপৰত আক্ৰমণ কৰাৰ পূৰ্বে যে ১০ বাৰ চিন্তা কৰিব লাগিব সেয়া নিশ্চিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.