চলন্ত ৰে’লত জন্ম হ’ল দেৱশিশুৰ

 04/27/2019 - 14:18

ডিজিটেল ডেস্কঃ চলন্ত ৰে’লত পৃথিৱীৰ পোহৰ দেখিলে এটি দেৱশিশুৱে।ঘটনা অনুসৰি ৰে’লেৰে গৈ থকা অৱস্থাত এগৰাকী প্ৰসূতিয়ে জন্ম দিলে এটি শিশু।

শনিবাৰে পুৱা এগৰাকী ২০ বছৰীয়া প্ৰসূতি মুম্বাই অভিমুখে কংকন কন্যা এক্সপ্ৰেছযোগে যাত্ৰা কৰে। ৰে’লখন থানে ষ্টেচন পোৱাৰ কিছু সময়ৰ পূৰ্বে প্ৰসূতিগৰাকীৰ পেটত বিষ আৰম্ভ হয়।

তাৰপাছতেই প্ৰসূতিগৰাকীৰ কাষত উপস্থিত হয় কেইগৰাকীমান নাৰ্ছ আৰু প্ৰসূতিগৰাকীয়ে নাৰ্ছৰ সহায়-সহযোগত জন্ম দিয়ে এটি নৱজাতক। বৰ্তমান মাতৃ আৰু সন্তান দুয়োকে ভৰ্তি কৰোৱা হৈছে স্থানীয় হাস্পতালত। সম্প্ৰতি মাতৃ-শিশু দুয়ো সুস্থ অৱস্থাত আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।