উত্তৰ গুৱাহাটীত অনাহাৰে কটোৱা হাজাৰ হাজাৰ শ্ৰমিকৰ ভিৰ

 04/07/2020 - 16:28
উত্তৰ গুৱাহাটী: আজি পুৱাৰে পৰা উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকী সন্মুখলৈ ওলাই আহিল হাজাৰ হাজাৰ শ্ৰমিক। লকডাউনৰ সময়ছোৱাত এইসকল ভাৰাতীয়া শ্ৰমিক ভাৰাঘৰতে আবদ্ধ হ'বলগাত পৰিল। বৰ্তমান ইয়াৰ সৰহভাগ ঠিকাভিত্তিত শ্ৰমিক।
অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অভাৱত অনাহাৰে কটাইছে শ্ৰমিকসকলে। থানাৰ সন্মুখত সমবেত হৈ উত্তাল কৰিলে ঠিকাদাৰদ্বয় প্ৰদীপ কলিতা আৰু নব মুৰ্দাবাদ ধ্বনিৰে। চৰকাৰী সাহায্য নোপোৱাৰ বাবে দুখীয়া শ্ৰমিকসকলে চৰকাৰকো কঠোৰ সমালোচনা কৰে।
শেষত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে চি আ পি এফ মোতায়েন কৰে। এতিয়া প্ৰশ্ন হয় এই দুখীয়া শ্ৰেণীৰ শ্ৰমিকসকলৰ প্ৰতি চৰকাৰ, ঠিকাদাৰৰ দায়িত্ব নাই নিকি?
আনফালে চৰকাৰী সাহায্য চৰকাৰী চাকৰিয়ালে পোৱাৰ গুৰুত্বপূৰ্ণ অভিযোগো উত্থাপিত হৈ আহিছে। দেশৰ ৮০ কোটি জনতাক সাহায্য  দিয়াটো  ভেকোঁভাওনাত পৰিণত হৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।