উত্তৰ গুৱাহাটী আৰক্ষী, ব্যক্তিগত সংস্থা, চাকৰিয়ালৰ আৰ্তজনৰ ক্ষুধা নিবাৰণৰ বাবে সাহায্য প্ৰদান

 04/08/2020 - 17:55

উত্তৰ গুৱাহাটী: কৰ'ণা সংক্ৰমণ প্ৰতিৰোধৰ বাবে এতিয়া দেশত লকডাউন চলি আছে। সকলো বন্ধ হৈ পৰাত বহুলোক খাদ্য সংকটত ভুগিছে। 
বৃহত্তৰ গৌৰীপুৰ অঞ্চলৰ আৰ্থিক ভাৱে দুৰ্বল ১০০ টা পৰিয়ালক সাহায্য হিচাপে খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। এই পৰিয়ালসমূহৰ উপৰি কিছুসংখ্যক ভাৰাতীয়া লোককো সাহায্য প্ৰদান কৰা হয়।

উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীৰ উদ্যােগত এই সাহায্য বিতৰণ কৰা হয়। উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ বিষয়া অশোক সিনহা  উদ্যোগত আৰু গৌৰীপুৰ অঞ্চলৰ বিশিষ্টা মহিলা সমাজ কৰ্মী মুন দাসৰ উপস্থিতত গৌৰীপুৰৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালসমূহক সাহায্য বিতৰণ কৰা হয়।

বিগত সময়চোৱাত মুন দাসে অঞ্চলটো আৰ্থিক অনাটন ভোগা ব্যক্তিসকলৰ বাবে বিভিন্ন সংস্থাৰ লগত যোগাযোগ কৰি সাহায্য ব্যৱস্থা কৰিছে আৰক্ষী বিষয়া অশোক সিনহাই 
এনে সাহায্য বিতৰণ জৰিয়তে ৰাইজক সকাহ দিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা হ'ব বুলি জানিবলৈ দিছে ।


দেশৰ সাম্প্ৰতিক পৰিবেশ আাৰু পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সদাশয় ব্যক্তিয়ে দুখীয়া লোকক সহায় কৰি আহিছে। সেইমৰ্মে উত্তৰ গুৱাহাটী মনিকৰ্ণেশ্বৰৰ স্থানীয় যুৱক মৃণাল ভূঞাই মনিকৰ্ণেশ্বৰ গাঁৱৰ ৫০ টা দৰিদ্ৰ পৰিয়ালক তেওঁৰ পিতৃৰ সোঁৱৰণিত 00(পাঁচশ) টকাকৈ এককালীন সাহায্য আগবঢ়ায়।

চাৰিয়াল আৰু পেঞ্চনপ্ৰাপ্ত ব্যক্তি বাদে আৰ্থিক ভাবে পিছ পৰা ব্যক্তিসকলক তেখেতে নিজ ঘৰতে আজি দিনৰ ১১ বজাত এই সাহায্য প্ৰদান কৰে। এনে উত্তৰ গুৱাহাটী আমিনগাঁও আৰু গৌৰীপুৰত বিভিন্ন দল সংগঠন আৰু ব্যক্তিয়ে আৰ্তজনৰ কাষত বিপদ সময়ত মানবীয়তা প্ৰদৰ্শন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।