দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে মাহত দুবাৰ লাভ কৰিব চাউল

 04/09/2020 - 13:37

উত্তৰ গুৱাহাটী: প্ৰধানমন্ত্ৰী গৰীব অন্ন কল্যাণ আঁচনি যোগে NFSA কাৰ্ড ধাৰকে লাভ কৰিব বিশেষ সাহায্য । এই ৰেচন কাৰ্ড ধাৰক সকলে এপ্ৰিল মাহৰ পৰা জুন মাহলৈ লকডাউনৰ সময়ছোৱাত বিনামূলীয়াকৈ লাভ কৰিব চাউল।

দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে মাহত দুবাৰ লাভ কৰিব চাউল। ৰাজ্য চৰকাৰে সুলভ মূল্যৰ দোকানত দিনৰ ১০ বজাৰ পৰা ৫ বজালৈ এই চাউল বিতৰণ আৰম্ভ কৰিছে। ইয়াৰ ফলত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকল লাভাম্বিত হৈছে।


আনহাতে মন্ত্ৰী হিমন্ত বিস্ব শৰ্মাৰ আহ্বান ক্ৰমে বহু চাকৰিয়ালে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি নিজ দায়িত্ব পালন কৰিছে। ফলত দেখা গৈছে বহু  চাকৰিয়াল  ব্যক্তি বা প্ৰতিষ্ঠানে একেখিনি ব্যক্তিকে সাহায্য  প্ৰদান কৰিছে।

আনহাতে যি দৰিদ্ৰ হয় যদিও কাৰ্ড নাই, নিম্ন মধ্যবিত্ত আৰু অসংগঠিত খণ্ডৰ শ্ৰমিক, ভাৰতীয়া এইসকল যদিও পীড়িত সাহায্যৰ পৰা বঞ্চিত হৈছে। এনে বহু ব্যক্তিয়ে লকডাউনৰ সময়ছোৱাত অনাহাৰে কটোৱা বাতৰি লাভ কৰা হৈছে। 

বিতৰণ কালত বিষয়া কৰ্মচাৰীসকলৰ বিৰুদ্ধে স্বজন-পোষণৰ অভিযোগ উত্থাপন হৈছে। আনহাতে লকডাউন বৃদ্ধি হোৱাৰ আশা কৰা হৈছে।

গতিকে ভুক্তভোগী ৰাইজে প্ৰকৃত হিতাধিকাৰীক চিনাক্ত কৰি সাহায্য বিতৰণ ব্যৱস্থা কৰি প্ৰকৃত পীড়িতক সকাহ পাব আৰু চৰকাৰো নিজ উদ্দেশ্যত সফল হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।