সাংবাদিক আক্ৰমণৰ প্ৰতিবাদ আছুৰ: দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবী

 04/27/2019 - 15:02

ডিজিটেল ডেস্ক: সাংবাদিকক কৰা আক্ৰমণৰ প্ৰতিবাদ বৰক্ষেত্ৰী আছুৰ। জ্যেষ্ঠ সাংবাদিক ৰাজেন ডেকাক আক্ৰমণ কৰা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত আজি বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই মুকালমুৱা থানাৰ সন্মুখতে ক'লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে৷

উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা এন্ধাৰৰ সুযোগ লৈ দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকাক। সাংবাদিকগৰাকীক আক্ৰমণ কৰা দুষ্কৃতিকাৰীকেইজনক কি কাৰণে এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই তাক লৈ এতিয়া সমগ্ৰ নলবাৰীতে চৰ্চা লাভ কৰিছে৷

অতিশীঘ্ৰে এই ঘটনাত জড়িত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে এনেদৰে ক'লা পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰে বৰক্ষেত্ৰী আছুয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।