ৰঙিয়াত অন্ত পৰিল সীমা বৈশ্য নেতৃত্বাধীন পৌৰসভাৰ পাঁচবছৰীয়া কাৰ্যকালৰ

 04/09/2020 - 14:15

ৰঙিয়া: ৰঙিয়া পৌৰসভাৰ সভাপতিৰ আসনত অধিস্থিত হ'ল ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰ। উল্লেখ্য যে সভানেত্ৰী সীমা বৈশ্য নেতৃত্বাধীন ৰঙিয়া পৌৰসভাৰ পাঁচবছৰীয়া কাৰ্যকাল যোৱা ৫ এপ্ৰিলত উকলি যায়।

পৌৰসভাখনৰ কাৰ্যকালৰ অন্ত পৰাৰ পিছত কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ নিৰ্দেশ মৰ্মে  ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ দায়িত্ববাহী অতিৰিক্ত উপায়ুক্ত ডাঃ তালুকদাৰক সভাপতিৰ দায়িত্ব ন্যস্ত কৰ হয়।

সেই মৰ্মে বুধবাৰে সভানেত্ৰী সীমা বৈশ্যৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে। এই কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত সদ্যবিদায়ী সভানেত্ৰী সীমা বৈশ্য, মহকুমা নিৰ্বাচন বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ ৰিপন জ্যোতি নাথ, ৰঙিয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা সহকাৰী আয়ুক্ত চম্পক ডেকা, কামৰূপৰ সহকাৰী আয়ুক্ত অপ্ৰতীম গোস্বামী, পৌৰ সদস্য প্ৰদীপ কাকতি প্ৰমূখ্যে কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।

ইফালে অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ পৰা অহা বাৰ্তা মতে কামৰূপ জিলাৰ পলাশবাৰী আৰু উত্তৰ গুৱাহাটী পৌৰসভা দুখনৰো পাঁচবছৰীয়া কাৰ্যকালৰ অন্ত পৰিছে।

পৌৰসভা দুখনৰ সভাপতি দুজনক কামৰূপৰ উপায়ুক্তক কাৰ্যভাৰ হস্তান্তৰ কৰিবলৈ এক নিৰ্দেশ জাৰি কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.