
শ্ৰীৰামপুৰ: আন্ত:ৰাজ্যিক সীমান্ত কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত থকা কুৱাৰেণ্টাইন কেম্পত উপস্থিত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ পৰা এমাহ পূৰ্বে বৈষ্ণদেবী, স্বৰ্ণমন্দিৰ, দিল্লী আদি স্থানলৈ তীৰ্থ ভ্ৰমণলৈ যোৱা ৪২ গৰাকী তীৰ্থযাত্ৰীলৈ সকাহ।
কুৱাৰেণ্টাইনত থকাৰ পোন্ধৰ দিনৰ অন্তত খুদ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে আহি অনুমতি দিলে ঘৰলৈ যাবলৈ। মন্ত্ৰী হিমন্তৰ লগত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকা, সাংসদ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীও কুৱাৰেণ্টাইন চেণ্টাৰত উপস্থিত হয়।
সীমান্তৰ তিনিটা স্থানত আবদ্ধ হৈ থকা প্ৰায় চাৰিশ গৰাকী মানুহক পৰ্যায়ক্ৰমে নিজ নিজ অঞ্চলত থকা কুৱাৰেণ্টাই চেণ্টাৰ বা নিজ নিজ গন্তব্য স্থানলৈ লৈ যোৱা হব। আনহাতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে নিজামুদ্দিনৰ পৰা ঘুৰি অহা পোন্ধৰজন এতিয়াও নিৰুদ্দেশ হৈ আছে।
চৰকাৰ বা স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰা নাই। যাৰবাবে চিকিৎসক, নাৰ্ছ সকলেও কুৱাৰেণ্টাইন থাকিব লগা অবস্থা হৈছে।