এশ জন টেম্পো চালকক সামগ্ৰী বিতৰণ কামৰূপ পৰিবহণমন্ত্ৰী বিষয়া কাৰ্যালয়ৰ

 04/09/2020 - 18:23

উত্তৰ গুৱাহাটী: লকডাউনৰ সময়ত ৰাজ্যত সৰ্ব সাধাৰণ ৰাইজৰ খাদ্যৰ নাটনি হৈছে তাৰ মাজতে বিভিন্ন ব্যক্তি আৰু দল সংগঠনে ৰাইজৰ মাজত ৰেচন সামগ্ৰী বিতৰণ কৰি মানৱতাৰ পৰিচয় দিছে।

আজি কামৰূপ জিলাৰ উপযুক্ত কমল কুমাৰ বৈশ্য আৰু কামৰূপ জিলা পৰিবহন বিষয়া গৌতম দাসে আমিনগাঁও পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এশ জন টেম্পো চালকৰ পৰিয়াললৈ ৰেচন সামগ্ৰী প্ৰদান কৰে।

তেওঁলোকৰ মহানুভৱতাক সৰ্ব সাধাৰণ ৰাইজে শলাগ লৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।