চিকিৎসক সংগঠনৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ: আমি ধন্যবাদ বিচৰা নাই অধিকাৰ আৰু স্বাধীনতা দিয়ক

 04/09/2020 - 18:39

উৎপল কুমাৰ কলিতা: আমি হাতচাপৰি আৰু ধন্যবাদ বিচৰা নাই। আমাক সুৰক্ষা আৰু স্বাধীনতা দিয়ক। পত্ৰযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এই আহ্বান চিকিৎসক সংগঠন। ভাৰতত দ্ৰুত গতিত বাঢ়িছে ক'ৰণাত আক্ৰান্তৰ সংখ্যা। তেনেদৰে বাঢ়িছে সন্দেহজনক ৰোগীক চিকিৎসালয়ত ভৰ্তিৰ পৰিমা। লগে লগে আহি পৰিছে চিকিৎসক চিকিৎসা কৰ্মীৰ নিৰাপত্তা প্ৰসংগ।

২৫০০ চিকিৎসকৰ সংগঠন দিল্লীৰ এইমছৰ ৰেচিডেন্টেল চিকিৎসক এচ'চিয়েচনৰ এই সময়তে প্ৰধানমন্ত্ৰীলৈ চাঞ্চল্যকৰ পত্ৰ। প্ৰধানমন্ত্ৰীৰ সময়োচিত পদক্ষেপক সন্মান জনায় পত্ৰখনত কোৱা হৈছে- ক'ৰণা চিকিৎসাৰ ক্ষেত্ৰত কোনো চিকিৎসকে অবহেলা কৰা নাই। কিন্তু ইয়াৰ বাবে পৰ্যাপ্ত সুৰক্ষা কবচৰ অভাব। এই লৈ দেশৰ প্ৰান্তে প্ৰান্তে চিকিৎসক, চিকিৎসা কৰ্মীৰ অভিযোগ আহিছে। ছ'চিয়েল মিডিয়াত বহুতে ক্ষোভ উজাৰিলে।

কিন্তু তেওঁ লোকৰ অভিযোগ কৰ্তৃপক্ষই শুনাৰ সলনি বলি হৈছে ভৎসৰ্না, ভাবুকিৰ। অভিযোগ কৰা চিকিৎসকক বৰ্খাস্ত কৰা হৈছে। সেয়ে চিকিৎসকৰ বাবে হাততালি, ধন্যবাদ নহয় who ই নিৰ্ধাৰ কৰা মানৰ পৰ্যাপ্ত পিপিই কিট, গ্লোভ, মাক্স দিয়াৰ ব্যৱস্থা কৰক। এচ'চিয়েচনে ৩০মাৰ্চত  ভিডিঅ' যোগে প্ৰধানমন্ত্ৰীক আহ্বান জনাইছিল যদিও কামত নহাত কালি এই পত্ৰ প্ৰেৰ কৰে।

ইফালে দেশৰ কেবাখনো ৰাজ্যত ৰোগী আৰু quarantine ত ৰখা মানুহৰ সংখ্যা বাঢ়ি যোৱাৰ বাবে নাটনি হৈছে ব্যাপক পিপিইৰ। চিকিৎসক নাৰ্চৰ পৰা চাফাই কৰ্মীলৈ প্ৰয়োজন যথেষ্ট এনে পোছাকৰ । পশ্চিম বংগ, বিহাৰত ৰেইনকোট পিন্ধি চিকিৎসা কৰিব লগা হোৱাৰ অভিযোগ উঠিছে। মধ্যপ্ৰদেশৰ ৮৫জন আক্ৰান্তৰ ৪০জনে চিকিৎসক-চিকিৎসাৰ্মী।

দিল্লীত এইমছকে ধৰি কেবাখনো চিকিৎসালয়ৰ চিকিৎসক চিকিৎসাকৰ্মী ক'ৰণা আক্ৰান্ত হৈছে। ইয়াৰে ন জন চিকিৎসক। মুম্বাইৰ এখন হাস্পাতলৰে ৪জন চিকিৎসক ২৬গৰাকী নাৰ্ছ ক'ৰণা আক্ৰান্ত হৈছে।দেশত শতাধিক চিকৎক, নাৰ্ছ, চিকিৎসা কৰ্মী আক্ৰান্ত হৈছে মাৰাত্মক ক'ৰণাত।

প্ৰয়োজনীয় সুৰক্ষা কবচৰ অভাবত নিজৰ জীৱনৰ লগত খেলি কেই বাখনো ৰাজ্যত সেৱা আগবঢ়াব লগা হৈছে চিকিৎসক, চিকিৎসা কৰ্মীসকলে।এতিয়া প্ৰশ্ন হ'ল চিকিৎসক, চিকিৎসা কৰ্মী সকলৰ কথা চৰকাৰে ভাবিব কেতিয়া? 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।