ভাৰতত নিবনুৱা হ'ব ৪০কোটি: ক'ৰণাৰ সমান্তৰাল আন এক যুজঁ দিব লাগিব ভাৰতে

 04/09/2020 - 18:52

উৎপল কুমাৰ কলিতা: ক'ৰণা মহামাৰীৰ গ্ৰাসত পৰা বিশ্বৰ বাবে এতিয়া সৰ্বোচ্চ হৈ পৰিছে "জীৱন বচোৱা" নীতি। কিন্তু ইয়াৰ মাজতে আহিছে এক ভয়ংকৰ সংকেত। বিশ্বত বাঢ়িব কৰ্মহীন মানুহৰ সংখ্যা। ভাৰততে ৪০কোটি মানুহ কৰ্মহীন হোৱাৰ আশংকা কৰা হৈছে

ভাৰত এনে এখন উন্নয়নশীল দেশ যাৰ হাতত এনে সমস্যা মোকাবিলা কৰা সহজ পথ নাই। ক'ৰণাৰ পৰা বাচিবলৈ একমাত্ৰ পথ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৪ মাৰ্চত ঘোষণা কৰা লকডাউনৰ পাছত দেশৰ ৰাজপথে ৰাজপথে কাম হেৰুৱাই ঘৰমুখী মিছিল কৰা শ্ৰমিকে প্ৰমা কৰি গৈছে সেয়া।

চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়া ইকনমীয়ে প্ৰকাশ কৰা অনুসৰি মাৰ্চত নিবনুৱাৰ হাৰ ৮.৭ শতাংশ আছিল যদিও এপ্ৰিলত প্ৰথমতে ২৩.৪ শতাংশ বৃদ্ধি পাইছে। আনহাতে এপ্ৰিলৰ প্ৰথম ভাগত কৰ্মহীন মানুহৰ সংখ্যা হৈছে ৩০.৯শতাংশ। প্ৰায় পাছ কোটি লোকে হেৰুৱাইছে চাকৰি। 

আনহাতে ৰাষ্ট্ৰসংঘৰ আন্তৰাষ্ট্ৰীয় শ্ৰম সংস্হাৰ তথ্য অনুসাৰে ভাৰতত ক'ৰণাই সৃষ্টি কৰা সংকটৰ বাবে ৪০কোটি মানুহ কৰ্মহীন হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ভাৰতৰ ৫২শতাংশ লোক কৃষিকে ধৰি স্বনিয়োজিত আৰু ২৩শতাংশ মানুহ অসংগঠিত মজুৰি শ্ৰমিক। হয়টো ক'ৰণা ৰোধ কৰিবলৈ লকডাউন বা বিভিন্ন প্ৰতিবন্ধকতা দিঘলীয়া হ'ব।

কিন্তু ইয়াৰ ফলত অধিক ক্ষতি হ'ব স্বনিয়োজিত ক্ষেত্ৰ আৰু সংগঠিত শ্ৰমিক সকল। স্বনিয়োজিত সকল বজাৰ নিৰ্ভৰ আৰু দিঘলীয়া সময়ৰ বাবে বজাৰ বিছিন্ন হোৱাৰ ফলত এওলোকে বৃহৎ লোকচানৰ সন্মুখীন হব লগা হ'ল।এই ঘাটি পূৰ কৰা সহজ নহ'ব।

আনহাতে অসংগঠিত শ্ৰমিক সকল যিবোৰ ক্ষেত্ৰত নিয়োগ হৈ আছিল সেইবোৰ ক্ষেত্ৰ গভীৰ লোকচানৰ মুখত পৰাত নিশ্চিত ভাবে শ্ৰমিক চাটা হ'ব। মুঠতে লকডাউন খোলাৰ পাছতো ভাৰতত স্বাভাৱিক অৱস্থা আহিবলৈ দিঘলীয়া সময় লাগিব আৰু কৰ্মহীন মানুহে এক বৃহৎ প্ৰত্যাহ্বান সৃষ্টি কৰিব।

বিকাশৰ নীতি বহু পিছপৰা বাবে ভাৰতে ভোগ কৰিব লাগিব এই সমস্যা। কৰ্মহীন মানুহ বঢ়াৰ লগে লগে ভাৰতত ক্ষুধাৰ পৰিমা বাঢ়ি যাব আৰু ইয়াক যোৰা মৰাটো হ'ব ভাৰতৰ বাবে আন এক কঠিন যুজঁ।

কাৰ লকডাউনৰ পাছতে দুখলগাকৈ উন্মোচিত হৈছে বিকাশৰ প্ৰকৃত স্বৰূপ আৰু মানব সম্পদৰ দুৰৱস্থা। গৰীব ভাৰতৰ লুকাই ৰখা ছৱি এখন যেন এতিয়া প্ৰকট হ'ল অধিক। ক'ৰণাৰ পাছতে সেয়ে এই কৰ্মহীনতা আৰু ক্ষুধাৰ যুজঁ খন হ'ব অন্য এক প্ৰত্যাহ্বান। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।