এটা কলমক লৈ জুৰীয়াৰ কালিয়াডিঙা ৰাজপথ ৰাঙলী: আঠজনকৈ লোক আহত

 04/27/2019 - 16:28

ৰূপহীহাট: এটা সাধাৰণ কলমক লৈ জুৰীয়াৰ কালিয়াডিঙা গাঁৱত শুক্ৰবাৰে দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষত মহিলাকে ধৰি আঠজন লোক আহত হয়। কালিয়াডিঙা হাইমাদ্ৰাছাত ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত দুগৰাকী ছাত্ৰীৰ মাজত যোৱা বৃহস্পতিবাৰে এটা সাধাৰণ কলম চুৰি হোৱাক লৈ সৃষ্টি হোৱা তৰ্ক‌ই ভয়াবহ ৰূপ লয় গাওঁ খনত।

চাহিনা বেগম নামৰ ছাত্ৰীগৰাকীৰ কলমটো জেৰিণা খাতুন নামৰ সহপাঠী ছাত্ৰীগৰাকীয়ে চুৰি কৰিছিল বুলি অভিযোগ তুলি সৃষ্টি হৈছিল কাজিয়াৰ সূত্ৰপাত। পিচত বৃহস্পতিবাৰে জেৰিণা খাতুন বিদ্যালয়ৰ পৰা আহি থকা অৱস্থাত চাহিনা বেগমৰ পৰিয়ালে বাটত ধৰি মাৰপিট কৰে।

পিচত ইয়াকে লৈ দুয়োটা পৰিয়ালে লাঠি দাৰে আক্ৰমণ প্ৰত্যাক্ৰমণ চলোৱাত ছোৰাব আলী, আমিৰ হুছেইন, চাহিদা খাতুন, অহিদুল ইছলাম, আব্দুল লতিফ, মেৰিনা খাতুন, ৰহমতন নেছা, মুকছেদ আলী আহত হয়। আহত আটাইকেইজনক জুৰীয়া ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হয়।

ঘটনা সংক্ৰান্তত দুয়োটা পক্ষই জুৰীয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।