মুখে মুখে ধন্যবাদ অসম আৰক্ষী: চৌত্ৰিশ জন সাম্প্ৰদায়িক ব্যক্তি জেললৈ

 04/10/2020 - 16:30

উৎপল কুমাৰ কলিতা: সমগ্ৰ পৃথিৱীৰ লগতে অসম এতিয়া সংকটত। এতিয়া মানবতাৰ সহযোদ্ধা হৈ মানুহে বাচিবৰ উপায় চিন্তা কৰিবলগা হৈছে। থিয় দিব লগা হৈছে আৰ্তজনৰ সহায়ত। গাব লগা হৈছে সকলো পাহৰি সমস্বৰে মানবতাৰ গান।

কিন্তু এনে সময়টো এই সন্ধিক্ষত এচাম ব্যক্তি ব্যস্ত হৈ পৰিছে ছ'চিয়েল মিডিয়াৰ যোগেদি মানবতা বিৰোধী স্হিতিৰে সাম্প্ৰদায়িকতা বিয়পোৱা কাৰ্যত। বিভিন্ন মন্তব্যৰে সামাজিক পৰিৱেশো কৰি তুলিছে কলুষিত।

বিশেষকৈ নিজামুদ্দিন মাৰ্কাজৰ ধৰ্ম অনুষ্ঠানত অংশ লোৱা কেবাজনো জামাতী অসমটো ক'ৰণা আক্ৰান্ত হোৱাৰ পাছত আৰম্ভ হয় ছ'চিয়েল মিডিয়াত বিভিন্ন জাতি, ধৰ্মগোষ্ঠী সামৰি পৈশাচিক সংঘাতপূৰ্ণ মন্তব্য। চৰকাৰ আৰক্ষীৰ বাধা নামানি এচাম ব্যস্ত হৈ পৰে সাম্প্ৰদায়িক, উচতনিমূলক মন্তব্য দিয়াত। এনে পৰিস্হিতিত অসম আৰক্ষীয়ে সময়োচিত কঠোৰ পদক্ষেপলৈ নিৰপেক্ষভাবে ইতিমধ্যে সক্ৰিয় হৈ পৰিছে এনে ব্যক্তিৰ বিৰুদ্ধে।

ক'ৰণা সংকটত সাম্প্ৰদায়িক মন্তব্য আৰু উৰাবাতৰি বিয়পোৱা লৈ অসম আৰক্ষীয়ে আজি পৰ্যন্ত ৫৯ টা গোচৰ পঞ্জীয়ন কৰি ৩৪ জনক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত আছে বিধায়ক, ৰাজনৈতিক দলৰ পালিনেতা, শিক্ষক, সেনা জোৱান, প্ৰাক্তন সেনা জোৱান, ছাত্ৰ আদি।

আনহাতে ১৩০ টা একাউণ্ট পৰীক্ষা চলি আছে আৰু ১৪০ টা মচি দিয়া হৈছে। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল ইয়াৰে বহু কেইজনে দীৰ্ঘদিন ধৰি সমাজত সাম্প্ৰদায়িক মন্তব্য দি বিষবাষ্প বিয়পাই আছিল। অসম আৰক্ষীৰ এনে কঠোৰ ভূমিকাক এতিয়া সৰ্বত্ৰ প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।

আৰক্ষীৰ এনে অভিযানত আপুনিও সহযোগ কৰক। সাম্প্ৰদায়িক মন্তব্য, উৰাবাতৰি বিয়পোৱা সকলক আৰক্ষীৰ দৃষ্টি গোচৰ কৰক আৰু নিজেও সংকটৰ সময়ত মানুহ হিচাপে মানবতা ৰক্ষা যুঁজত সেনানী হওঁক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।