অমিত শ্বাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব মহন্তই

 04/27/2019 - 16:28

গুৱাহাটীঃবিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে গোচৰ তৰাৰ হুংকাৰ দিছে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই৷ অসম আন্দোলন সংগ্রামী মঞ্চৰ পৰা উচ্চতম ন্যায়ালয়ত অমিত শ্বাহৰ বিৰুদ্ধে আগন্তুক ১০ দিনৰ ভিতৰত গোচৰ তৰিব বুলি আজি এক সংবাদমেলযোগে প্রফুল্ল কুমাৰ মহন্তই ঘোষণা কৰিছে৷ প্রফুল্ল কুমাৰ মহন্তৰ এই স্থিতিয়ে ৰাজ্যৰ ৰাজনীতিত স্বাভাৱিকতেই প্রতিক্রিয়াৰ সূচনা কৰিছে৷

একে সময়তে মহন্তৰ নেতৃত্বত গঠন হোৱা অসম আন্দোলন সংগ্রামী মঞ্চৰ এই ভূমিকাই অগপৰ অভ্যন্তৰতো জোকাৰণি তুলিছে৷ এন আৰ চি সন্দর্ভত পশ্চিম বংগৰ নির্বাচনী সভাত বিজেপিৰ সভাপতিজনে কৰা মন্তব্যৰ বিৰোধিতা কৰি অমিত শ্বাহৰ বিৰুদ্ধে অসম আন্দোলন সংগ্রামী মঞ্চৰ হৈ উচচতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত লৈ প্রফুল্ল কুমাৰ মহন্তই বিজেপি বিৰোধী স্থিতি স্পষ্ট ৰূপত প্রকাশ কৰিলে৷

উচচতম ন্যায়ালয়ৰ তদাৰকত অসমত এন আৰ চিৰ কাম চলি থকা সময়ত প্রথমে কেব, পাছতহে এন আৰ চি বুলি অমিত শ্বাহে কৰা মন্তব্যক ধিক্কাৰ দি মহন্তই কয় যে শ্বাহে ন্যায়ালয়ক অৱমাননা কৰাৰ ইংগিত দিছে৷ ক্ষমতালৈ আহি যদি বিজেপিয়ে এই কাম কৰে তেন্তে ই অসমীয়া জাতিৰ বাবে ভয়াৱহ সিদ্ধান্ত হ’ব বুলি তেওঁ মন্তব্য কৰে৷ প্রাক্তন মুখ্যমন্ত্রীজনৰ বক্তব্যত বিজেপি-অগপৰ মিত্রতাক লৈ অসন্তুষ্টি পুনৰবাৰ প্রকাশ্য হয়৷

লোক সভা নির্বাচনত বিজেপিৰে দলৰ মিত্রতাৰ বিৰোধিতা কৰা প্রাক্তন মুখ্যমন্ত্রীজনে আনকি ভোটদানৰ পৰা আঁতৰি থাকি চর্ লাভ কৰিছিল৷ ‘কেব’ আনিবলৈ বদ্ধপৰিকৰ বিজেপিৰ সৈতে মিত্রতাৰ বান্ধোনত থাকিলে ২০২১ৰ বিধানসভা নির্বাচন অগপৰ বাবে কঠিন হ’ব বুলি মহন্তই তাৎপর্যপূর্ণ মন্তব্য কৰে৷ ‘কেব’ৰ বিৰোধিতাক অচিলা হিচাপে লৈ প্রফুল্ল কুমাৰ মহন্তই যে অনাগত দিনত বিজেপি আৰু নিজ দলৰ নেতৃত্বৰ বিৰুদ্ধে ৰাজনৈতিক যুঁজ চলাই যাব, সেয়া স্পষ্ট৷

অমিত শ্বাহৰ বিৰুদ্ধে প্রফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অসম আন্দোলন সংগ্রামী মঞ্চই উচচতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’লে এই বিষয়টোক বিজেপিয়ে কিভাৱে লয় আৰু মিত্রতাত কি প্রভাৱ পৰে সেয়াও হ’ব লক্ষণীয়৷ প্রফুল্ল কুমাৰ মহন্তই যে বিজেপি-অগপৰ মিত্রতাপূর্ণ ৰাজনীতিৰ পানী ঘোলা কৰিব বিচাৰিছে সেয়াও মহন্তৰ বক্তব্য আৰু উদ্দেশ্যত ওলাই পৰিছে৷

ৰাজ্যৰ কেব-বিৰোধী সকলো শক্তি একত্রিত হ’ব লাগে বুলিও প্রাক্তন মুখ্যমন্ত্রীজনে সংবাদমেলত মন্তব্য কৰে৷ অৱশ্যে আজিৰ সংবাদমেলত অসম আন্দোলন সংগ্রামী মঞ্চৰ পূর্বৰ কেইবাজনো নেতা তথা অগপৰ সতীর্থক মহন্তৰ লগত দেখা নগ’ল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।