মৰিয়নীত বিধ্বংসী বতাহ ধুমুহা

 04/27/2019 - 18:02

মৰিয়নী: মৰিয়নীত সংঘটিত হৈছে বিধ্বংসী বতাহ ধুমুহাৰ ঘটনা৷ মৰিয়নী, নকছাৰী, লাহিং চেলেং অঞ্চলত বিধ্বংসী ধুমুহাই তচনচ কৰিলে বহু ঘৰ দুৱাৰ।

নকছাৰী নৱ বিকাশ সংঘৰ টিনপাত উৰুওৱাৰ লগতে বাওঁতলি উপ স্বাস্থ্যকেন্দ্ৰ, বাওঁতলি প্ৰাথমিক বিদ্যালয়ৰ টিনপাত এই ধুমুহাত ভাঙি চুৰমাৰ হয়। এই ভয়ংকৰ ধুমুহাই তচনচ কৰিলে নাগিনীজান এম ই স্কুলৰ লগতে কেইবাটাও বাসগৃহ।

তিৰোৱাল, দৰিকীয়াল, চমুৱা, ৰোজবাৰী গাওঁত বিস্তৰ ক্ষতিসাধন হয়। ৰাইজে সহায় বিচাৰি চৰকাৰলৈ অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।