বিজনীত আইপিলএল জুৱাত জড়িত চাৰিজন জুৱাৰীক আটক

 04/27/2019 - 18:26

বিজনী: চিৰাং জিলা বিজনী চহৰৰ নিকতৱৰ্তী বাতাবাৰী গাঁওত শুকুৰবাৰে নিশা আৰক্ষীৰ অভিযানত জুৱা খেলত জড়িত চাৰিজন লোকক আটক কৰে বিজনী আৰক্ষীয়ে৷ বিজনী অঞ্চলত চলাই থকা আইপিএল জুৱাৰ লগত জড়িত আটক কৰা লোককেইজন হ'ল নজিব হাচান (২৪), ফলচন আলি ( ২২), মইদুল ইছলাম (২২), মাচন আলি (২৯ ) বুলি চিনাক্ত কৰিছে৷

এক গোপন সূত্ৰ অনুসৰি চলোৱা অভিযানত বিজনী আৰক্ষীয়ে আইপিলএল ক্ৰিকেটৰ জুৱাৰ সৈতে জড়িত আনসকলকো আটক কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে ধৃতকেইজনৰ চেম্বাৰৰ পৰা পাঁচটা ম'বাইল হেণ্ডছেট, বাৰ হাজাৰ চাৰিশ তেত্ৰিচ টকা, দুখন মটৰ চাইকেল, ভিডিঅ'কন ডিটি এইছ টিভি উদ্ধাৰ কৰাৰ লগতে কিছু আপত্তিজনক নথি- পত্ৰ জব্দ কৰে।

আইপিএলৰ জুৱাৰ সৈতে জড়িত কেইজনৰ ওপৰত এক গোচৰ ৰুজু কৰি বিজনী থানাৰ আৰক্ষীয়ে আজি আদালতত হাজিৰ কৰোৱাত আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।