ICMRৰ প্ৰতিবেদনত ভয়াবহ ইংগিত: গণ সংক্ৰমণ আৰম্ভ

 04/11/2020 - 16:39

উৎপল কুমাৰ কলিতা: ভাৰততৰ কোনো কোনো ঠাইত আৰম্ভ হৈছে কভিড-19ৰ গণসংক্ৰমণ। এই তথ্য ভাৰতীয় চিকিৎসা গৱেষণা সংস্হাৰ। উল্লেখযোগ্য যে ভাৰতত ইতিমধ্যে ক'ৰণাত আক্ৰান্তৰ সংখ্যা ৭ হাজাৰ অতিক্ৰম কৰিলে।

২৪ ঘণ্টাৰ ভিতৰত আক্ৰান্তৰ সংখ্যা পাৰ হ'ল হাজাৰৰ হিচাপত। ১০ দিনৰ ভিতৰত আক্ৰান্তৰ সংখ্যা ৭০ শতাংশ। একপ্ৰকাৰ যেন ভয়াবহতাৰ ইংগিত। লকডাউনৰ মাজতে এনেদৰে ক'ৰণা আক্ৰান্তৰ সংখ্যা বাঢ়ি যোৱাটো চিন্তনীয় বিষয়। কিন্তু ইয়াৰ মাজতে ভাৰতীয় চিকিৎসা গৱেষণা সংস্থাৰ প্ৰতিবেদন অনুসৰি ভাৰতত ক'ৰণাৰ ষ্টেজ থ্ৰি অৰ্থাৎ গণসংক্ৰমণ আৰম্ভ হৈছে।

গণ সংক্ৰমণ মানে নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা পৰিবেশ ইতিমধ্যে আমেৰিকা, ইটালী, স্পেইন আদিত যিটো হৈছে। গণ সংক্ৰমণ মানে হ'ল আক্ৰান্ত ব্যক্তিৰ কোনো ভ্ৰমণ নোহোৱাকৈ আৰু অন্য ব্যক্তিৰ সংস্পৰ্শলৈ নহাকৈ হোৱা সংক্ৰমণ। ICMRএ ভাৰতৰ ১৫ খন ৰাজ্যৰ ৩৬ খন চহৰত ৫৯১১ জন সন্দেহজনক ব্যক্তিৰ তথ্য আহৰণ কৰি ইয়াৰে ১০৪ জনক মাৰাত্মক কভিড-19ত আক্ৰান্ত হোৱাৰ তথ্য পায়।

তাৎপৰ্যপূৰ্ণ ভাবে ইয়াৰে চল্লিশজনে কোনো বৰ্হি ৰাজ্য দেশ বা আক্ৰান্ত অঞ্চল ভ্ৰমণ কৰা নাই বা কোনো ক'ৰণা আক্ৰান্তৰ সংস্পৰ্শলৈ অহাৰ তথ্য নাই। আনহাতে ইয়াৰে ৫৯ জনে বিদেশ ভ্ৰমণ কৰা নাই। এনে ক্ষেত্ৰত ICMR এ ভাৰতৰ কেতবোৰ স্হানত ক'ৰণাৰ গণ সংক্ৰমণ হোৱা বুলি দাবী কৰে। আমাৰ অসমতে গুৱাহাটীৰ আক্ৰান্ত মনিষ তিব্ৰিয়াল কিম্বা ত্ৰিপুৰাৰ প্ৰথম আক্ৰান্ত ক'ৰণা ৰোগীৰ সংক্ৰমণৰ তথ্য পোহৰলৈ অহা নাই।

বিগত পাছ দিনত ভাৰতত মৃত আৰু আক্ৰান্তৰ উৰ্ধমুখী গ্ৰাফ আৰু ভাৰতীয় চিকিৎসা গবেষণা সংস্হাৰ তথ্যত ফুটি উঠিছে ভয়াবহতা। এনে সময়ত সাধাৰণ মানুহৰ এটা উপায় সামাজিক দূৰত্ব ৰক্ষা আৰু নিৰাপদে থকা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।