নগাঁৱত ব্ৰাউন চুগাৰসহ এজনক গ্ৰেপ্তাৰ

 04/27/2019 - 19:08

নগাঁও: কেঁচু খান্দোতে ওলাল সাপ। নগাঁৱত আচামী লকআপত সোমোৱাবলৈ লওঁতেই আচামীৰ কঁকালৰ পৰা ওলাল ব্ৰাউন চুগাৰ। নগাঁৱৰ খ্ৰীষ্টিয়ানপট্টিৰ ডিপু আহমেদ নামৰ যুৱকজনক আজি নগাঁৱৰ সদৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰতিবেশী এঘৰৰ পাকঘৰত অগ্নিসংযোগ কৰাৰ অপৰাধত।

কিন্তু গ্ৰেপ্তাৰ কৰা এই যুৱকজনক নগাঁও সদৰ থানাৰ আৰক্ষীয়ে লকআপত সোমোৱাৰ প্ৰাকমূহুতৰ্ত তালাচী চলাওঁতে ওলাই ২১ গ্ৰামকৈ ব্ৰাউন চুগাৰ আৰু ২০ টাকৈ কণ্টেনাৰ। ধৃত যুৱকজনে কঁকালত বান্ধি লুকুৱাই ৰাখিছিল এই ব্ৰাউন চুগাৰখিনি।

ইতিমধ্যে আৰক্ষীয়ে যুৱকজনৰ পৰা এই সামগ্ৰীখিনি জব্দ কৰাৰ লগতে দুটাকৈ ম'বাইল হেণ্ডছেট আৰু নগদ ৪৬০ টকাও জব্দ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।