শোণিতপুৰ জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ প্ৰশংসনীয় পদক্ষেপ: আশ্ৰয়হীন সন্তানসম্ভৱা যুৱতীক দিলে নৱজীৱন

 04/27/2019 - 19:32

ৰঙাপৰা: শোণিতপুৰ জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সচিব মৃদুস্মিতা বৰদলৈ আৰু আইন সেৱা প্ৰাধিকৰণৰ মুখ্য সমন্বয়ক ছাজিদুৰ ৰহমানৰ একান্ত প্ৰচেষ্টাত শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ছাবিনা মুণ্ডা (১৭) নামৰ এগৰাকী সন্তানসম্ভৱা আশ্ৰয়হীন যুৱতীক এক নিৰাপদ আশ্ৰয় প্ৰদান কৰে। ছাবিনা মুণ্ডাই জনোৱা মতে তেওঁৰ পিতৃ মৃত গাংগু মুণ্ডা আৰু মাতৃ মৃত গুঈন্দি মুণ্ডা। সৰুতেই পিতৃ মাতৃক হেৰুওৱা অনাথ ছাবিনাক অনুমানিক ৫ বছৰ বয়সত অৰুণাচল প্ৰদেশৰ ভালুকপুং অঞ্চলৰ কোনোবা লোকে লৈ যায়।

ভালুকপুং অঞ্চলত ৬ মাহ থকাৰ পাছত তেওঁক অৰুণাচল প্ৰদেশৰ ৰুপা নামৰ ঠাইত স্থানান্তৰিত কৰা হয়। সৰুতে ঘৰৰ পৰা আতৰি যোৱা ছোৱালীজনীয়ে সঠিককে ঘৰৰ ঠিকনা ক'ব পৰা নাই যদিও আনুমানিক ঠেকিয়াজুলিৰ হুগ্ৰাজুলি বুলি ধাৰণা কৰা হৈছে। অৰুণাচল প্ৰদেশৰ ৰুপাত বাবলু মুণ্ডা নামৰ এক যুৱকৰ সৈতে ছোৱালীজনীৰ পৰিচয় হয় আৰু সেই যুৱকজনৰ সৈতে ৩ বছৰ ধৰি একেলগে থাকিবলৈ লয়। নিজকে লখিমপুৰ জিলাৰ বাসিন্দা বুলি পৰিচয় দিয়া বাবলু মুণ্ডা ৰুপাত পেইণ্টিঙৰ কামৰ লগত জড়িত আছিল বুলি যুৱতীগৰাকীয়ে অৱগত কৰে।

কিন্তু আজিৰ পৰা ৫ মাহ মান আগতে হঠাৎ মাকৰ অসুখ বুলি বাবলু মুণ্ডাই লখিমপুৰ যাওঁ বুলি কৈ অন্তৰ্ধান হৈ পৰে। আৰু তাৰ পাছৰে পৰা ছোৱালীজনীৰ লগত যোগাযোগ সম্পূৰ্ণ বিছিন্ন হৈ যায়। অসহায় ৫ মাহৰ অন্তঃসত্বা যুৱতীগৰাকীয়ে উপায়বিহীন হৈ উৱাদিহ নাপায় যোৱা ২৩ এপ্ৰিল তাৰিখত এখন বিলাহী কঢ়িওৱা গাড়ীত উঠি ৰঙাপৰাত উপস্থিত হয়। ৰঙাপৰা ৰে'লৱে ষ্টেচনত অনাই বনাই ঘুৰি ফুৰোঁতে আটছাৰ ৰঙাপৰা উপ শাখাৰ সভাপতি ছখিৰাম তাঁতি আৰু সহ সম্পাদক শিৱ কৰ্মকাৰৰ দৃষ্টি গোচৰ হয়।

তেওঁলোকে সবিশেষ জানিব পাৰি ততাতৈয়াকৈ যুৱতীগৰাকীক নিজ গাঁও নাহৰনী গ্ৰান্টলৈ লৈ যায় আৰু এটি গৃহত আশ্ৰয় দানৰ সুবিধা কৰি দিয়ে। তাৰ পাছত তেওঁলোকে স্থানীয় অৰ্ধ আইনী সহায়ক আৰু সাংবাদিক ছাহজাহান ছেলিম কুৰেছিৰ লগত যোগাযোগ কৰে। ছাহজাহান ছেলিম কুৰেছিয়ে আটছাৰ কাৰ্যকৰ্তা আৰু যুৱতীগৰাকীক লগতলৈ তেজপুৰস্হিত জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত কালি উপস্থিত হোৱাত প্ৰাধিকৰণৰ মুখ্য সমন্বয়ক ছাজিদুৰ ৰহমানে বিষয়টো গুৰুত্ব সহকাৰে লয় আৰু ততাতৈয়াকৈ নিজাববীয়াকৈ যুৱতীগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰে আৰু তেজপুৰ কনকলতা চিকিৎসালয়ৰ প্ৰসূতি ৰোগ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰে।

তাৰ পাচত জিলা আইন সেৱা প্ৰাধিকৰণৰ সহাঁৰি আঁচনিৰ অধীনত আশ্ৰয় দিয়াৰ ব্যৱস্থা কৰি দিয়ে। যুৱতীগৰাকীক তেজপুৰস্হিত ছফ্টছিদ নামৰ আশ্ৰয় গৃহত থকাৰ সুব্যৱস্থা কৰি দিয়া হয়। অঞ্চলটোত মানৱ সৰবৰাহৰ ঘটনা সঘনাই হৈ থকাত আটছাৰ ৰঙাপৰা উপ শাখাৰ সভাপতি চখিৰাম তাঁতিয়ে উদ্বেগ প্ৰকাশ কৰে আৰু প্ৰশাসনক সজাগ হ'বলৈ আৰু মানৱ সৰবৰাহ কাৰ্যত কঠোৰ স্হিতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।