ডবকাৰ সুলভ মূল্যৰ দোকানীৰ লুণ্ঠন

 04/13/2020 - 15:14

ডবকা: সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন। লকডাউনৰ মাজতে হাহাকাৰ দুখীয়া-দৰিদ্ৰ জনতা। তাৰ মাজতে এচাম সুলভ মূল্যৰ দোকানীৰ মমতালি।

লকডাউনৰ সুযোগ লৈ হোজাই ডবকাৰ এচাম সুলভ মূল্যৰ দোকানীয়ে চলাই গৈছে লুণ্ঠন।

ঠিক সেইদৰে ডবকা সমবায়ৰ অন্তৰ্গত সৰুপথাৰৰ সুলভ মূল্যৰ দোকানী তুলু ৰাণী দাসে একাংশ গৰীৱ-দুখীয়া গ্ৰাহকৰ মূৰত সোধাইছে ৰাম টাঙুন।

কিয়নো গ্ৰাহকে তুলু ৰাণী দাস নামৰ সুলভ মূল্যৰ দোকানীৰ পৰা চাউল আনিবলৈ গলে প্ৰত্যেকৰে পৰা ৰাখি দিয়ে এক ডেৰ কেজিকৈ চাউল।

অকল এয়াই নহয় গ্ৰাহকে কেৰাচিন নাপালেও বহীত অন্তৰ্ভুক্ত হৈ থাকে কেৰাচিন।

এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ অভিযোগ মৰ্মে বিভাগীয় কৰ্তৃপক্ষক জাননীnn দিয়াৰ পাছতে খাদ্য যোগান বিষয়া নেগিব খানে তুলু ৰাণী দাসক তাৎক্ষণিকভাৱে নিলম্বন কৰে।

সেয়ে দুৰ্নীতিগ্ৰস্ত সুলভ মূল্যৰ দোকানীক নিলম্বন কৰাৰ বাবে স্থানীয় ৰাইজে যোগান বিষয়া নেগিব খানক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.