মৃত্যু উপত্যকাত পৰিণত বাংলাদেশ। এছিয়াৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত

 04/13/2020 - 16:13

ডিজিটেল ডেক্সঃএতিয়া কৰ'ণা ভাইৰাছৰ মৃত্যু উপত্যকাত পৰিণত হৈছে বাংলাদেশ। যদিও দেখাত সামান্য সংখ্যক ৰোগী আক্ৰান্ত হৈছে অথবা মৃত্যুমুখত পৰিছে কিন্তু শতকৰা হাৰ হিচাবত ৰোগত অধিক ক্ষতিগ্ৰস্ত হোৱা দেশখন হল বাংলাদেশ। বাংলাদেশত ৭০ জন ৰোগী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে ৮ জনৰ। অৰ্থাৎ মৃত্যুৰ শতকৰা হাৰ ১১.৪৩।

পৰিসংখ্যা অনুসৰি বাংলাদেশ এছিয়াৰ ভিতৰত সৰ্বাধিক ক্ষতিগ্ৰস্ত দেশ আৰু পৃথিৱীৰ ভিতৰত দ্বিতীয়। প্ৰথম স্থানত আছে ইটালী যাৰ মৃত্যুৰ হাৰ ১২.২৫। ইয়াৰ বিপৰীতে ভাৰতত মৃত্যুৰ হাৰ ২.৭৯। আমেৰিকাত কৰ'ণাত মৃত্যু হোৱা ৰোগীৰ সংখ্যা নিতৌ ১০০০ৰো অধিক হ'লেও সে দেশত মৃত্যুৰ হাৰ ২.৬৭।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.