ক'ৰণা আগ্নেয়গিৰিৰ মুখত ভাৰত: মৃত্যুৰ হাৰ আমেৰিকা, চীনতকৈ বেছি

 04/13/2020 - 16:48

উৎপল কুমাৰ কলিতা: ক'ৰণা নামৰ জলন্ত আগ্নেয়গিৰিৰ মুখত এতিয়া ভাৰত। সময়োচিত লকডাউনে কিছু ৰক্ষা কৰিলেও ভাৰতত দ্ৰুত হাৰত বাঢ়ি অহা ক'ৰণা সংক্ৰমণৰ হাৰে চিন্তিত কৰি তুলিছে দেশৰ চিকিৎসা বিশেষজ্ঞ মহলক। তেৰ দিনত ১৮ শতংশ বৃদ্ধি পাইছে ভাৰতৰ ক'ৰণা আক্ৰান্তৰ হাৰ। বিগত চাৰি দিনত আক্ৰান্তৰ সংখ্যা ৪ হাজাৰৰ ওচৰত।ICMRৰ তথ্য মতে আৰম্ভ হৈছে গ সংক্ৰম

বাতৰি যুগুতোৱা পৰলৈ ভাৰতত ক'ৰণা আক্ৰান্তৰ সংখ্যা ৮৪৫৩। ইয়াৰে ৭১৬ গৰাকী আৰোগ্য হোৱাৰ বিপৰীতে ২৭৩ গৰাকীৰ মৃত্যু ঘটিছে। ইফালে WSOৰ প্ৰতিবেদন উন্মোচিত হৈছে আন এক তথ্য চীন, জাৰ্মানী, আমেৰিকাতকৈও বেছি ভাৰতৰ আক্ৰান্ত অনুপাতে মৃতকৰ হাৰ। যদি এসপ্তাহত  ক'ৰণা সংক্ৰম প্ৰতিৰোধ কৰিব পৰা নহয় তেনেহলে অবৰ্ণনীয় হ'ব পাৰে পৰিবেশ।

ইফালে বিশ্ব স্বাস্থ্য স্নেহাৰ গবেষক সৌম্য স্বামীনাথনে প্ৰকাশ কৰা মতে ভাৰতক অকল লকডাউনে বচাব নোৱাৰিব। কাৰ ভাৰতত পৰীক্ষাৰ হাৰ অতি নিম্ন। অধিক পৰীক্ষা আৰু সময়োপযোগী কাৰ্যপন্থা ল'লেহে ভাৰত বাচিব। ইফালে ৱৰ্ল্ড ক'ৰণা ক্লকত ওলাই পৰিছে ভাৰতৰ সন্দেহ জনক ব্যক্তিৰ ক'ৰণা পৰীক্ষাৰ দুখজনক হাৰ। এক নিযুত লোকৰ ভিতৰত ভাৰতত ৬ এপ্ৰিললৈ পৰীক্ষা হৈছে মাত্ৰ ৯৩ জনৰ।

বিপৰীতে বিশ্বৰ ৭৮ খন দেশতে পৰীক্ষা হৈছে নিযুতত ১ ৰ পৰা ২০ হাজাৰ পৰ্যন্ত। ভাৰতত ক'ৰণা পৰীক্ষাৰ নিম্ন হাৰে ভয়াবহতা আনিব বুলি সকীয়াই আছে বিশ্বৰ বহু চিকিৎসা বিশেষজ্ঞই। ইফালে ভাৰতত ধৰা পৰিছে লক্ষণ নোহোৱা কেবাজনো কভিড নাইটিন পজিটিভ। যিটো অতি ভয়াবহ। তাৰ পাটো ভাৰতত পৰীক্ষাৰ গতি আগনবঢ়াটো অতি দুখজনক। সেয়ে ভাৰতৰ দৰে দেশত একমাত্ৰ উপায় নিজে বাছি থকা পৰিয়ালক বচোৱাৰ বাবে গৃহত আবদ্ধ থাকি সামাজিক দূৰত্ব ৰক্ষা কৰা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।