কলগাছিয়াত ভয়াৱহ অগ্নিকাণ্ড

 04/27/2019 - 20:24

কলগাছিয়াঃ বৰপেটা জিলাৰ কলগাছিয়াত আজি আবেলি এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। ছানোৱাৰ হুছেইন নামৰ গাড়ীৰ শ্ৰমিক এজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।

অগ্নিকাণ্ডটোত এটা গৃহ ভস্মীভূত হোৱাৰ লগতে আন তিনিটা গৃহ ভস্মীভূত হোৱাৰ পৰা ৰক্ষা পৰে। বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই৷

অগ্নিকাণ্ডৰ ফলত প্ৰায় আঢ়ৈ লাখ টকাৰ সা-সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে। ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰাৰ পিছতহে অগ্নিনিৰ্বাপকৰ গাড়ী উপস্থিত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।