প্ৰতিজন অসমীয়াক আবেগিক কৰা দৃশ্য: দূৰৰপৰা পত্নীয়ে বিহুৱান দিছে আৰক্ষী পতিক

 04/15/2020 - 13:22

উৎপল কুমাৰ কলিতা: বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ক'ৰণাৰ প্ৰভাৱ। আক্ৰান্তৰ সংখ্যা পাইছে ৩২। এনে সময়ত চিকিৎসা কৰ্মত জড়িতসকলৰ লগতে সৰ্বাধিক দায়িত্ব আহি পৰিছে আৰক্ষীৰ হাতত। নিজৰ জীৱনক তুচ্ছ কৰি আপোনজনৰ পৰা আঁতৰত থকি অসমক বচাবলৈ ব্যস্ত লকডাউন সফল কৰাৰ বাবে আৰক্ষীৰ বিষয়া, জোৱানসকল।

ইফালে বাপতি সাহোন ৰঙালী বিহুৰ বতৰ। সেই সময়ত দেখা গ'ল আৱেগিক কৰি তুলিব পৰা এটা বিশেষ দৃশ্য। অসম আৰক্ষীত বিষয়া হিচাপে কৰ্মৰত স্বামীক হেঁপাহৰ বিহুৱান দিবলৈ পদূলিমুখত ৰৈ আছে এগৰাকী পত্নী। এই দৃশ্য গুৱাহাটীৰ আৰক্ষীৰ চৰকাৰী আৱাসিক অঞ্চলৰ।

গুৱাহাটীৰ পল্টন বজাৰ থানাৰ আৰক্ষী বিষয়া পংকজ প্ৰতিম মহন্ত ব্যস্ত ৰাজপথত লকডাউন সফল কৰাত। বিহু বুলি ঘৰলৈ যাব পৰা নাই। ইফালে প্ৰিয়জনৰ ৰৈ আছে মৰমৰ বিহুৱান লৈ। কৰ্তব্যৰ মাজতে এইদৰে সেয়ে ৰাজপথতে বিহু বুলি পত্নী-পুত্ৰক দেখা কৰি পত্নীৰ মৰমৰ বিহুৱান পদূলিতে লৈ পুনৰ উভতিছে কৰ্মস্থলীলৈ।

পত্নীয়ে কৰ্তব্য ৰথ পতিৰ ডিঙিত দিব পৰা নাই সামাজিক দূৰত্ব বজাই ৰাখিবলৈ গামোচা। কিছু দূৰত থৈ অহা গামোচাখন পিন্ধি ল'লে আৰক্ষী বিষয়াজনে। দূৰৰ পৰা সেৱা লৈ পত্নীক দিলে আশীৰ্বাদ। কাৰন তেওঁ কৰনা সময়ৰ যোদ্ধা। আনহাতে বিহু বুলি পৰিয়াল প্ৰিয়জনৰ কাষ চাপিব নোৱাৰা আৰক্ষীৰ লোক সকলে ব্যস্ততাৰ মাজতে কৰবাত বিহু মাৰি মনত শান্তি লৈছে।

এতিয়া ভাবকচোন তেওঁলোকৰ জীৱন। তাৰ মাজতে এচামে লকডাউন উলংঘা কৰি আৰক্ষীক কঠোৰ হবলৈ বাধ্য কৰিছে। আহক আৰক্ষী এই কষ্ট অনুভব কৰো। অকাৰণত ঘৰৰ বাহিৰ নহও। নিজৰ লগতে পৰিয়াল অসমখনক ক'ৰণাৰ পৰা ৰক্ষা কৰো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।