ৰঙিয়াত গাড়ী চালকৰ প্ৰহাৰত মৃত্যু হ'ল গৃহৰক্ষী জোৱানৰ

 04/28/2019 - 12:11

ৰঙিয়া: ৰঙিয়াত সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটনা। ৰঙিয়া মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত মজিবৰ ৰহমান(৫৫) নামৰ এজন হোমগাৰ্ডক সহকৰ্মী তথা মহকুমা আৰক্ষী বিষয়াৰ গাড়ী চালক উৎপল হুজুৰী নামৰ গৃহৰক্ষী বাহিনীৰ জোৱান এজনে প্ৰহাৰ কৰে। ফলত অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয় মজিবৰ ৰহমান নামৰ ব্যক্তিজন।

জি এম চি হাস্পটালৰ আই চি ইউত শনিবাৰে আবেলি মৃত্যুক সাৱটি লোৱা হোমগাৰ্ডজনৰ ঘৰ গোৰেশ্বৰৰ ওচৰৰ গাছবাৰীত৷ প্ৰাপ্ত অভিযোগ অনুসৰি ৰঙিয়াৰ চিৰাখুন্দিত অৱস্থিত মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয়ত হোমগাৰ্ড মজিবৰ ৰহমান আৰু উৎপল হুজুৰীৰ কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল৷ মহকুমা আৰক্ষী বিষয়াৰ গাড়ী চালকৰূপে কৰ্মৰত উৎপল হুজুৰীয়ে কাজিয়াৰ মাজতে মজিবৰ ৰহমানক শাৰীৰিকভাৱে আক্ৰমণ কৰে আৰু গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে৷

সহকৰ্মী হোমগাৰ্ডজনৰ প্ৰহাৰত ৰহমান মাটিত ঢলি পৰে আৰু গুৰুতৰভাৱে অসুস্থ হৈ পৰে৷ লগে লগে তেওঁক ৰঙিয়াৰ এখন ব্যক্তিগত নাৰ্চিংহোমত সংকটজনক অৱস্থাত ভৰ্তি কৰাই যদিও স্বাস্থ্যৰ অধিক অৱনতি হোৱাত জি এম চি হাস্পটাললৈ স্থানাান্তৰৰ ব্যৱস্থা গ্ৰহণ কৰে৷ জি এম চি হাস্পটালত হোমগাৰ্ডজনক আই চি ইউত ভৰ্তি কৰোৱা হয় যদিও আবেলি তেওঁৰ মৃত্যু ঘটে৷

গোৰেশ্বৰৰ সমীপৰ গাছবাৰীৰ মজিবুৰ ৰহমানৰ নিজ গৃহত বৰ্তমান সময়ত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।