আমগুৰিত গ্ৰেপ্তাৰ দুজন নগা লোক

 04/28/2019 - 12:22

আমগুৰি: অসম-নগালেণ্ড সীমাৱৰ্তী হালোৱাটিংত নিশা আৰ্মী আৰু আৰক্ষীৰ অভিযান চলায়। অভিযানত গেলেকী-হালোৱাটিং পথত উদ্ধাৰ কৰে এটা হেণ্ড গ্ৰেণেড, খুকুৰী এখন, ৱায়াৰ এডাল, নগদ ৫২,৯৫২ টকা, চেলু' টেপ ৪টা আৰু মণিবেগ। চন্টক আৰ্মী আৰু হালোৱাটিং আৰক্ষীয়ে অভিযানত দুজন নগালোকক গ্ৰেপ্তাৰ কৰাৰ লগতে AS 04 M 0023 নম্বৰৰ ছাফাৰী গাড়ী এখন জব্দ কৰিছে।

নগাযুৱক দুজনৰ নাম ক্ৰমে এইচ টিনাউ ফ'ম আৰু এইচ ভি আয়ং ফ'ম। দুয়োজন 13 IRBN বাহিনীত কৰ্মৰত আছিল। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বৰ্তমানলৈ কোনো তথ্য সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা নাই।

গেলেকীৰ পৰা হালোৱাটিং হৈ নগালেণ্ডলৈ যোৱাৰ সময়তে চন্টকস্থিত আৰ্মী আৰু হালোৱাটিং আৰক্ষীয়ে অভিযানত নগালোক দুজনক গ্ৰেপ্তাৰ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।