বাঘমাৰাচৰ গাঁও পঞ্চায়তত সাহাৰ্য্যৰ নগদ ধন বিতৰণত সংঘটিত হৈ চূড়ান্ত খেলিমেলি

 04/15/2020 - 17:12

নগৰবেৰা: সমগ্ৰ দেশতে অব্যাহত আছে লকডাউন। এই লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জসাধাৰণৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। সমগ্ৰ দেশৰ লগতে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বাঘমাৰাচৰতো খাদ্যৰ বাবে হাহাকাৰ কৰিছে দৰিদ্ৰ জনগণে

লকডাউন চলি থকাৰ ফলত খাদ্যৰ বাবে দৰিদ্ৰ জনতাই যাতে কোনো অসুবিধা সন্মুখীন নহয় তাৰ কাৰণে চৰকাৰে ৰেচন কাৰ্ড প্ৰাপ্ত হিতাধিকাৰীক বিনামূলীয়াকৈ চাউল যোগান ধৰাৰ বিপৰীতে ৰেছন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালক যোগান ধৰিছে এহাজাৰ টকাকৈ নগদ ধনৰ এককালীন সাহায্য। এই সাহাৰ্য্যৰ নগদ ধন বিতৰণত ৭২ নং বাঘমাৰাচৰ গাঁও পঞ্চায়তৰ বিতৰ্কিত সভানেত্ৰী আকলিমা খাতুনে সংঘটিত কৰিছে চূড়ান্ত খেলিমেলি। 

স্বয়ং এই অভিযোগ তুলিছে পঞ্চায়তখনৰ একাংশ সচেতন ব্যক্তিয়ে। প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি এইগৰাকী বিতৰ্কিত সভানেত্ৰী আকলিমা খাতুনে চৰকাৰী নীতি নিয়মক ভৰিৰে মোহাৰি ৰেছন কাৰ্ডত নাম থকা ব্যক্তিকো এই সাহাৰ্য্যৰ নগদ ধন প্ৰদান কৰাত ৰাইজে জাঙুৰ খাই উঠিছে।

কেৱল এয়াই নহয় নিজৰ ৰাজনীতি সুৰক্ষিত কৰি ৰাখিবৰ বাবে এই গৰাকী সভানেত্ৰী আকলিমা খাতুনে তেওঁৰ ধুৰন্ধৰ স্বামী মীৰ্জা ওচমান গণিৰ সহযোগত অৱসৰপ্ৰাপ্ত শিক্ষককো এই ধন দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে। এক প্ৰকাৰ তালিকা খন কংগ্ৰেছীকৰণ কৰিছে সভানেত্ৰী গৰাকীয়ে।

ৰাইজৰ ৰোষৰ পৰা বাচিবলৈ পঞ্চায়তখনৰ একাংশ প্ৰভাৱশালী ব্যক্তিৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিও কোনো তৰণি পোৱা নাই সভানেত্ৰী আকলিমা খাতুনে। এই অনিয়মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত সভানেত্ৰী আকলিমা খাতুনৰ লগতে সচিব ছানো কাকতি, মীৰ্জা ওচমান গণিৰ বিৰুদ্ধে আলোপতি চৰ আৰক্ষী থানাত আমছুৱে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত আৰক্ষীয়ে দোষীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহ নকৰাৰ অভিযোগ উঠিছে ।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।