প্ৰচণ্ড বতাহৰ মাজতে নীলবাগানৰ মেথিগাঁৱত অগ্নিকাণ্ডৰ ঘটনা

 04/15/2020 - 17:23

ডবকা: প্ৰচণ্ড বতাহৰ মাজতে নীলবাগানৰ মেথিগাঁৱত অগ্নিকাণ্ডৰ ঘটনা৷ জেচিম উদ্দিন নামৰ লোকজনৰ ঘৰত থকা খেৰৰ মেজিত জুই লগাত মেজিটো জ্বলি ছাই হৈ পৰে৷

কথমপি বহুকেইটা আৱাসগৃহ জুইৰ প্ৰকোপৰ পৰা ৰক্ষা পৰে৷ ঘটনাস্থলীত উপস্থিত হৈছে মোৰাঝাৰ আৰক্ষী৷

সম্প্ৰতি জুই নিৰ্বাপিত হৈছে৷যদিও খেৰৰ মেজি বাদে আন কোনো ক্ষয় ক্ষতি হোৱা নাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।